নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত “বগাই”ৰ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰূপালী জয়ন্তী

* সমাজৰ বিভিন্ন ক্ষেত্ৰৰ চাৰিগৰাকী ব্যক্তিলৈ বিশেষ বঁটা

নিয়মীয়া বাৰ্তা,  ২৫ নৱেম্বৰ : কামৰূপ জিলাৰ বকো অঞ্চলৰ সামাজিক,সাংস্কৃতিক তথা ক্ৰীড়া সংগঠন ‘বগাই’ য়ে ২০২৩ বৰ্ষত গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত খোজ দিছে।বকোৰ সামাজিক তথা সাংস্কৃতিক সংগঠন ‘বগাই’ ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বগাই সাংস্কৃতিক সন্ধিয়া খনি ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বগাই ক্ষেত্ৰত অনুষ্ঠিত কৰা হব।দেওবাৰৰ কাৰ্যসূচী অনুসৰি পুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ দলৰএক সাংস্কৃতিক শোভাযাত্ৰা; দিনৰ ভাগত পাঞ্জা খেল প্ৰতিযোগিতা; সন্ধিয়া বন্তি প্ৰজ্বলন; সাংস্কৃতিক মঞ্চ উদ্ধোধনৰ লগতে ‘বগাই’ নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব।স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাহিত্য অকাডেমি বঁটাপ্ৰাপক তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।একেদৰে সোমবাৰে দিনৰ ভাগৰ কাৰ্যসূচী অনুসৰি ন-পুৰণি সতীৰ্থ সন্মিলন; ভেশচন প্ৰতিযোগিতা; বন্তি প্ৰজ্বলন; সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্ধোধনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। উল্লেখ্য যে বকোৰ সামাজিক,সাংস্কৃতিক,ক্ৰীড়া সংগঠন ‘ বগাই ‘ য়ে অইন বেলিৰ দৰে এইবেলিও সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন অৱদান আগবঢ়োৱা চাৰিগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰিব।এইবেলি বগাই পৱিত্ৰা পাটোৱাৰী ৰাজ্যিক কৃষি বঁটা ২০২৩ শোণিতপুৰ জিলাৰ চামধৰা পানীগাঁৱৰ শৰৎ বৰুৱালৈ, ‘ বগাই ‘ সামাজিক বঁটা-২০২৩ বকো ডাকুৱাপাৰাৰ দুৰ্গাপ্ৰসাদ শৰ্মালৈ, ‘ বগাই ‘ সাংস্কৃতিক বঁটা-২০২৩ ছয়গাঁৱৰ জীয়ৰী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথাছবি নিৰ্মাতা ৰীমা দাসলৈ, ‘ বগাই ‘ ক্ৰীড়া বঁটা-২০২৩ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ গীলবাৰ্টচন চাংমালৈ আগবঢ়োৱা হব।উল্লেখ্য যে ‘ বগাই ‘ পৱিত্ৰা পাটোৱাৰী ৰাজ্যিক কৃষি বঁটা আগবঢ়াইছে বকোৰ সু সন্তান তথা বিশিষ্ট সাংবাদিক সুশীল পাটোৱাৰীয়ে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ বগাই ‘ সাংস্কৃতিক সন্ধিয়াৰ দেওবাৰৰ নিশাৰ বিশেষ আকৰ্ষণ উদীয়মান কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু সোমবাৰৰ নিশাৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী ৰিতো ৰিৱাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব।দুয়োটা দিনৰ আটাইকেইটি কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like