নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী আৰক্ষীৰ জালত দুটা গভাইত চোৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ধুবুৰী আৰক্ষীৰ অভিযানত চুৰি কৰা মোবাইল, লেপটপ কম্পিউটাৰ, কাঁহৰ বাচন-বৰ্তনসহ দুজনকৈ গভাইত চোৰ কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বীৰসিং আৰু আয়ৰণজংলা অঞ্চলত অভিযান চলাই চোৰ দুজনক কৰায়ত্ত কৰে। সেই দুজনে চুৰি কৰা এটা লেপটপ কম্পিউটাৰ, ১২টা মোবাইল ফোনকে ধৰি কিছু কাঁহৰ বাচন-বৰ্তনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ধৃত সেই দুজন ৰাশিদুল আলী আৰু নুৰ ইছলাম বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like