নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱসত গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তগত সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসটি আজি সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে হাতে লিখা আলোচনীসহ চাৰিখনকৈ গ্ৰন্থ উন্মোচনেৰে উদযাপন কৰা হয়৷ পুৱা পৰিবেশ নিকাকৰণ আৰু সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নলিনী বুঢ়াগোহাঁয়ে পতাকা উত্তোলন, সমাজ সেবিকা জুমি বৰাই বন্তি প্ৰজ্বলন আৰু সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী দীপক শইকীয়াই স্মৃতি তৰ্পণ কৰাৰ পিচতেই চিৰ চেনেহী মোৰ ভাষা জননী সংগীতেৰে মঞ্চ মুকলি কৰি অনুষ্ঠিত কৰা মুকলি সভাত সভাপতিত্ব কৰে সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নলিনী বুঢ়াগোহাঁই ৷ সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ আলোচনী সম্পাদিকা মমী শইকীয়াই উদ্বোধন কৰা মুকলি সভাতখনত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কবি, গল্পকাৰ আৰু প্ৰবন্ধকা হেমচন্দ্ৰ গগৈ নিৰ্দিষ্ট বক্তা, অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক মাণিক গগৈ আৰু লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী পদ্মা বৰা বিশিষ্ট অতিথি, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী ৰেণু ভূঞা ফুকন, কাৰ্যকৰী সভানেত্ৰী কুঞ্জ বুজৰবৰুৱা, উপ-সভানেত্ৰী চন্দ্ৰপ্ৰভা গগৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ আজি অনুস্থিত প্ৰতিষ্ঠা দিৱসত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহ সম্পাদিকা ইন্দিৰা গগৈয়ে সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ হাতে লিখা আলোচনী অংকুৰ উন্মোচন কৰাৰ লগতে কাৰ্যকৰী সভানেত্ৰী কুঞ্জ বুজৰবৰুৱাই ৰীনামাই চুতীয়াৰ প্ৰথমখন প্ৰবন্ধ পুথি জীৱন বাটৰ ৰেঙণি আৰু লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা সাধনা বৰদলৈ দত্তই ৰীনামাই চুতীয়াৰ প্ৰথমখন কবিতা পুথি অনুভৱৰ অলিয়ে গলিয়ে উন্মোচন কৰে৷ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্য্যক্ষ তোলেন চুতীয়াই সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা কবি গল্পকাৰ আৰু প্ৰৱন্ধকাৰ হেমচন্দ্ৰ গগৈৰ দ্বাৰা প্ৰকাশিত চতুৰ্থখন গ্ৰন্থ অজান অতিথি নামৰ গল্প সংকলন উন্মোচন কৰি অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই ভুয়ংসী প্ৰশংসা লাভ কৰাৰ লগতে অঞ্চলটোত সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like