নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱস উপলক্ষে মৰিয়নিত চাফাই অভিযান

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিয়নি নগৰৰ ১নং ৱাৰ্ডৰ জয়মতী নগৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু টাইনি টটছ স্কুলৰ সহযোগত আজি জয়মতী নগৰত এক স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত এক চাফাই অভিযান কৰে। প্ৰাক্ গণৰাজ্য দিৱস হিচাপে আয়োজিত উক্ত চাফাই অভিযানত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শ‌ইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, ২নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শঙ্কৰ চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে। টাইনি টটছ স্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত পৌৰপতি, উপ-পৌৰপতি, ২নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ লগতে টাইনি টটছ স্কুলৰ অধ্যক্ষ ৰিজৱানা আনচাৰি আদিক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে মৰিয়নি পৌৰসভাৰ চাফাই কৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজি জয়মতী নগৰৰ লগতে ১নং ৱাৰ্ডৰ বিভিন্ন এলেকাত চাফাই অভিযান চলোৱা হয়। জয়মতী নগৰৰ ৰাইজৰ সহযোগত চাফাই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like