নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত ইতিহাসঃ চাইনীজ টাইপেইৰ তাৰকা নিয়েন–চিন চেনক ৪-১ ত পৰাস্ত কৰি অলিম্পিক পদকৰ দিশে লাভলীনা

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অজস্রজনৰ আশিস আৰু শুভকামনা শিৰত লৈ আজি পুনৰ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামি অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৰচিলে ইতিহাস৷ ৰাজ্যৰ ক্রীড়া জগতলৈ নতুন সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই অনা তাৰকা বক্সাৰগৰাকীয়ে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয় প্ৰায় নিশ্চিত হৈ পৰিছে।

শুকুৰবাৰে পুৱা কোৱার্টাৰ ফাইনেলত অৱতীর্ণ হোৱা লাভলীনাই এইবাৰ বিশ্বৰ দ্বিতীয় স্থানপ্রাপ্ত চাইনীজ টাইপেইৰ তাৰকা নিয়েন–চিন চেনক ৪-১ ত পৰাস্ত কৰি নিজৰ পাৰদৰ্শিতা পুনৰবাৰ প্ৰতিষ্ঠা কৰে।

উল্লেখ্য যে আজি কোৱার্টাৰ ফাইনেলত জয়ী হোৱাৰ পাছতে অসম কন্যাই অলিম্পিকৰ ছেমিফাইনেললৈ উন্নীত হয় আৰু তেওঁ অতি কমেও ব্রঞ্জৰ পদকৰ গৰাকী হ’ব৷ ছেমিফাইনেলত জয়েৰে লাভলীনাই অলিম্পিকত স্বর্ণ অথবা ৰূপৰ যুঁজত অৱতীর্ণ হ’ব পাৰিব৷ ইয়াৰ বিপৰীতে ছেমিফাইনেলত পৰাস্ত হ’লেও অসম কন্যাৰ শিৰত ওলমিব অলিম্পিকৰ ব্রঞ্জৰ পদক৷ অৱশ্যে ইয়াৰ বাবে উদীয়মান বক্সাৰগৰাকীয়ে আজিৰ কোৱার্টাৰ ফাইনেলতকৈ অধিক উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ 

মন কৰিবলগীয়া যে আজি অসম কন্যা লাভলীনাৰ হাতত ধৰাশায়ী হোৱা এইগৰাকী শক্তিশালী প্রতিদ্বন্দ্বী নিয়েন–চিন চেনৰ বিৰুদ্ধে লাভলীনাই ২০১৮ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছিল৷

ইপিনে উত্তৰ–পূর্বাঞ্চলৰ ক্রীড়া ৰাজধানী হিচাপে পৰিচিত মণিপুৰৰ কেইবাগৰাকীও খেলুৱৈয়ে অলিম্পিকৰ দৰে সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদত জয়েৰে অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে যদিও অসমৰ ক্রীড়া ইতিহাসত এতিয়ালৈকে পদক বিজয়ী অলিম্পিয়ানৰ সৃষ্টি হোৱা নাই৷ এইবাৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে অসমবাসীৰ সুদীর্ঘ অপেক্ষাৰ অৱসান ঘটাই অলিম্পিকৰ পৰা পদক কঢ়িয়াই অনাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷

 

You might also like