নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ তীব্র উত্তেজনাৰ মাজতে কাটিগড়াৰ বিহাৰহাংগৰাত পুনৰ মিজো দুর্বৃত্তৰ গুলীচালনা

  • লাইলাপুৰ সীমান্তৰ পৰা আঁতৰি যোৱা নাই মিজো আৰক্ষী
  • অশান্ত সীমান্তত চিআৰপিএফৰ পহৰা
  • এতিয়াও বিৰাজমান চেপা উত্তেজনা
  • পৰিমল শুক্লবৈদ্য অশোক সিংঘলৰ স্থানীয় বাসিন্দাৰে মত বিনিময়

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ  কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই কৰা আক্রমণৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ তীব্র উত্তেজনাপূর্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে কাটিগড়াৰ বিহাৰহাংগৰাত৷ লাইলাপুৰত সৃষ্টি হোৱা পৰিস্থিতিয়ে দুয়োখন ৰাজ্যৰ মাজত ব্যৱধান অধিক বৃদ্ধি কৰাৰ সময়তে বিহাৰহাংগৰাত পুনৰ অসমৰ নাগৰিকক লক্ষ্য কৰি মিজো দুর্বৃত্তই গুলীবর্ষণ কৰা ঘটনা সংঘটিত হৈছে৷

প্রাপ্ত তথ্য অনুসৰি কাটিগড়াৰ বিহাৰহাংগৰাত অসমৰ ভূমিত থকা শিলৰ কোৱেৰীত কাম কৰিবলৈ যোৱা অসমৰ নাগৰিকৰ ওপৰত এই আক্রমণ চলাইছে মিজো দুর্বৃত্তই৷ দিনৰ প্রায় আঢ়ৈ বজাত সংঘটিত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কোৱেৰীটোত ব্যৱহাৰ কৰা দুখন ডাম্পাৰ ক্ষতিগ্রস্ত হৈছে৷ অৱশ্যে মিজোৰ গুলীবর্ষণৰ লগে লগে কোৱেৰীটোত থকা শ্রমিক আৰু আন কর্মচাৰীসকল পলায়ন কৰি সুৰক্ষিত স্থানত অৱস্থান কৰে৷ পৰৱর্তী সময়ত অঞ্চলটোত উপস্থিত হৈ অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণলৈ আনে৷ তৎসত্ত্বেও কাটিগড়াৰ এই অঞ্চলটোত মিজো দুর্বৃত্তৰ গুলীচালনাৰ পাছতে স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছে আতংক৷

ইপিনে লাইলাপুৰত এতিয়াও মাৰ যোৱা নাই উত্তেজনা৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আহিল যদিও অসম–মিজোৰাম সীমান্তৱর্তী অঞ্চলটোত এতিয়াও বিৰাজমান চেপা উত্তেজনা৷ ইতিমধ্যে অশান্ত এই সীমান্তৱর্তী অঞ্চলটোত চি আৰ পি এফে টহল দিছে যদিও ভয়–শংকা আঁতৰি যোৱা নাই স্থানীয় লোকসকলৰ মনৰ পৰা৷ বিশেষকৈ পুনৰ অতর্কিতে মিজো দুর্বৃত্তই আক্রমণ চলাব নেকি, তাক লৈ সন্ত্রস্ত হৈ পৰিছে সীমান্তৱর্তী অঞ্চলটোৰ বাসিন্দাসকল৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজত শান্তিপূর্ণ পৰিস্থিতি পুনৰ উভতি আহক বুলি দুয়োখন ৰাজ্যৰ সীমাৰ পৰা এটা নির্দিষ্ট ব্যৱধানত অসম আৰক্ষীয়ে বাহৰ পাতিছে৷ ইয়াৰ বিপৰীতে বিবদমান অঞ্চলটোৰ পৰা এতিয়াও আঁতৰি যোৱা নাই মিজো আৰক্ষী৷ সীমান্তৱর্তী অঞ্চলটোৰ পাহাৰীয়া এলেকাত এতিয়াও সশস্ত্র মিজো আৰক্ষীয়ে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে৷

ইয়াৰ মাজতে চি আৰ পি এফে দায়িত্ব লোৱাৰ লগে লগে বিবদমান অঞ্চলৰ পৰা সীমান্তৰক্ষী চকীসমূহ আঁতৰাই দিয়া হৈছে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি অসমৰ ভূমি বেদখল কৰি আহিছে মিজোৰামে৷ সম্প্রতি হাইলাকান্দিত এহাজাৰ হেক্টৰ, কাছাৰত চাৰিশ হেক্টৰ আৰু কৰিমগঞ্জত ৩৭৭ হেক্টৰ ভূমি দখল কৰি আছে মিজোৰামে৷

শেহতীয়াকৈ এই অঞ্চলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ সেই অনুসৰি এতিয়াৰে পৰা অসমৰ লাইলাপুৰ আৰু মিজোৰামৰ ভাইৰেংটিৰ মাজত থকা বিবদমান চাৰি কিলোমিটাৰ অঞ্চল কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণত থাকিব৷ সেইদৰে অসম আৰু মিজোৰাম সংযোগকাৰী ৩০৬ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ বিবদমান এলেকাত নিয়োজিত কৰা হ’ব নিৰপেক্ষ নিৰাপত্তা বাহিনী৷ এই বিবদমান অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্ব চি আৰ এফৰ এজন জ্যেষ্ঠ বিষয়াক অর্পণ কৰা হ’ব৷ কালি চি আৰ এফৰ মহাপৰিদর্শক সৰৱজিৎ সিং আৰু সহকাৰী অধিনায়ক এছ কে বাসুয়ে সীমান্তৱর্তী অঞ্চলটোত উপস্থিত হৈ নিৰাপত্তাৰ দায়িত্ব গ্রহণ কৰে৷

ইপিনে বৃহস্পতিবাৰে উত্তেজনা অব্যাহত থকা লাইলাপুৰ অঞ্চলত ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক৷ মুখ্যমন্ত্রীৰ নির্দেশত বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু মন্ত্রী অশোক সিংঘল, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিং, শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু কৌশিক ৰয় লাইলাপুৰত উপস্থিত হৈ উত্তেজিত স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে৷ এই স্থানতে মন্ত্রী সিংঘলে কয় যে অসমৰ এক ইঞ্চি ভূমিও এৰি দিয়া নহ’ব৷ অসমৰ সীমাক লৈ চৰকাৰ সচেতন আৰু ইয়াৰ বাবে কোনো বিবাদ হ’ব নোৱাৰে৷ অসমৰ সাংবিধানিক সীমাক লৈ দ্বিমত নাই৷ অসমে সীমা সমস্যা শান্তিপূর্ণ আৰু আলোচনাৰ মাজেৰে সমাধান কৰিব বিচাৰে৷

ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি তেওঁ কয়– ‘আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ মিজোৰামৰ কোনো লোক অসমৰ ভূমিত যাতে প্রৱেশ কৰি শান্তি বিঘ্ণিত কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষী কঠোৰ হ’ব৷’

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ২৬ জুলাইত লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই কৰা আক্রমণৰ ঘটনাক লৈ ধলাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধি, অস্ত্র–শস্ত্র আইন আৰু ৰাজহুৱা সম্পত্তি বিনষ্টকৰণ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ২৩৬/২১ গোচৰটো ৰুজু কৰা হৈছে৷ এই গোচৰটোত মিজোৰাম কলাশিৱ জিলাৰ আৰক্ষী অধীক্ষকক ভানলাফাকা ৰালটে, অতিৰিক্ত আৰক্ষী অধীক্ষক এল ডেভিদ ব্রুছে, জিলাখনৰ উপায়ুক্ত ড০ এইচ লাথলেলগলিয়ানা, মহকুমা আৰক্ষী বিষয়া থার্টেহৰংচালকে ধৰি বহুকেইজন লোকক অভিযুক্ত কৰা হৈছে৷ ইফালে এই ঘটনাৰ প্রতিবাদত শিলচৰত অব্যাহত আছে অর্থনৈতিক অৱৰোধৰ কার্যসূচী৷

You might also like