নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক ড্রাগ্ছ চক্রৰে জড়িত শ্বাহৰুখ খানৰ পুত্র

আৰিয়ানক মাৰাথন জেৰা এনচিবিৰ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ বিলাসী জাহাজত ৰেভ পার্টী কৰি গ্রেপ্তাৰ হোৱা বলীউডৰ ছুপাৰ ষ্টাৰ শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খানসহ আটাইকেইজনক এন চি বিৰ ৩ দিনৰ জিম্মাত দিছে৷ নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’, চমুকৈ এন চি বিয়ে বিলাসী জাহাজৰ ৰেভ পার্টী উৎখাত কৰি ড্রাগ্ছ সেৱন, বিক্রী আৰু ক্রয় কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা আৰিয়ান খানসহ আটাইকেইজনক আজি আদালতত হাজিৰ কৰাৰ পাছত আদালতে তদন্তৰ বাবে গ্রেপ্তাৰ হোৱা আৰিয়ানসহ আটাইকেইজনক এন চি বিৰ ৩ দিনৰ জিম্মাত দিয়ে৷ অর্থাৎ অহা ৭ অক্টোবৰলৈ আৰিয়ানসহ ধৃত লোককেইজন এন চি বিৰ জিম্মাত থাকিব৷ দেশজুৰি তীব্র চাঞ্চল্য সৃষ্টিকাৰী শ্বাহৰুখ খানৰ পুত্র আৰিয়ানসহ আটাইকেইজনক এন চি বিয়ে গ্রেপ্তাৰ কৰাৰ পাছত সোমবাৰে বিয়লি আদালতত হাজিৰ কৰায় এন চি বিয়ে৷

মুম্বাইৰ এছপ্লানাডে আদালতত আৰিয়ান খানৰ হৈ প্রখ্যাত অধিবক্তা সতীশ মানেসিন্ধে জামিনৰ বাবে যুক্তি প্রদর্শন কৰে যদিও আদালতে এন চি বিয়ে ১১ অক্টোবৰলৈ ন্যায়িক জিম্মাত বিচৰাৰ প্রতি লক্ষ্য ৰাখি আৰিয়ানসহ আটাইকেইজনক ৭ অক্টোবৰলৈ এন চি বিৰ জিম্মালৈ প্রেৰণ কৰিছে৷ মুম্বাইৰ এছপ্লানাডে আদালতে ৭ অক্টোবৰলৈ ধৃত আৰিয়ানসহ আটাইকেইজনক এন চি বিৰ জিম্মালৈ প্রেৰণ কৰা সন্দর্ভত অতিৰিক্ত মেট্র’ পলিটান দণ্ডাধীশ আৰ এম নার্লিকাৰে কয় যে তদন্ত অতিকৈ গুৰুত্বপূর্ণ৷ সেয়েহে ড্রাগ্ছ সেৱন, বিক্রী আৰু ক্রয় কৰাৰ গুৰুতৰ অভিযোগত আৰিয়ানসহ বাকীকেইজনক তদন্তৰ বাবে এন চি বিৰ জিম্মাত দিয়া হৈছে৷

আদালতত আৰিয়ান খানৰ হৈ যুক্তি প্রদর্শন কৰা অধিবক্তা মানেসিন্ধেই খানৰ হাতত কোনোধৰণৰ ড্রাগ্ছ জব্দ কৰা নাই বুলি যুক্তি প্রদর্শন কৰাৰ লগতে বিলাসী জাহাজত খানে ড্রাগ্ছ বিক্রী কৰাৰো কোনো যুক্তি নাই৷ কিয়নো মন গ’লে আৰিয়ানে বিলাসী জাহাজখন ক্রয় কৰিব পাৰে বুলি অধিবক্তাগৰাকীয়ে আদালতত যুক্তি প্রদর্শন কৰে৷ অধিবক্তাগৰাকীৰ এই যুক্তি খণ্ডন কৰি তদন্তৰ বাবে এন চি বিক জিম্মাত দিয়াটোত প্রাধান্য দিয়ে৷

মন কৰিবলগীয়া যে এন চি বিয়ে আৰিয়ান খানৰ ম’বাইলত আন্তর্জাতিক ড্রাগ্ছ চক্রৰ সৈতে জড়িত থকাৰ সন্দেহ প্রকাশ কৰে৷ কোডৰ ৰূপত আন্তর্জাতিক ড্রাগ্ছ ব্যৱসায়ীৰ সৈতে বার্তালাপ কৰাৰ সন্দেহ প্রকাশ কৰি আন্তর্জাতিক ড্রাগ্ছ চক্রৰ সৈতে আৰিয়ানৰ সম্পর্কৰ ক্ষেত্রত তদন্তৰ প্রয়োজন আছে বুলি এন চি বিয়ে আদালতত যুক্তি প্রদর্শন কৰে৷

উল্লেখ্য যে শনিবাৰে নিশা মুম্বাইৰ উপকূলত বিলাসী জাহাজত ৰেভ পার্টী উৎখাত কৰি এন চি বিয়ে বলীউডৰ ছুপাৰ ষ্টাৰ শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খান, আৰিয়ানৰ বন্ধু নূপুৰ ছাটিজা, বান্ধৱী মুনমুন ধমেচা, মহক জয়ছোৱাল, ইছমিট সিং সাধা, বিক্রান্ত চ’কাৰ আৰু গোমটি ছোপ্রাক গ্রেপ্তাৰ কৰিছিল৷ গ্রেপ্তাৰৰ সময়ত এন চি বিয়ে ১৩ গ্রাম ক’কেইন, ৫ গ্রাম এম ডি, ২১ গ্রাম চৰচ আৰু ১২টা এম ডি এ এম এ পিল জব্দ কৰিছিল৷ এই জব্দকৃত নিচাযুক্ত দ্রব্যখিনিৰ মূল্য ১.৩৩ লাখ টকা৷ এন চি বিয়ে প্রকাশ কৰা মতে, আৰিয়ান খানসহ আটাইকেইজনকে ড্রাগ্ছসহ গ্রেপ্তাৰ কৰা হৈছে৷ আৰিয়ানৰ লেন্সৰ বাকচতো নিচাযুক্ত দ্রব্য উদ্ধাৰ কৰা হৈছে৷ তেনেদৰে আৰিয়ানৰ বান্ধৱী মুনমুন ধমেচাৰ ছেনিটেৰি পেডৰ ভিতৰত লুকাই ৰখা ড্রাগ্ছ উদ্ধাৰ কৰা হৈছে৷ মধ্যপ্রদেশৰ এটা ব্যৱসায়িক পৰিয়ালৰ কন্যা মুনমুন ধমেচা শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খানৰ ঘনিষ্ঠ বান্ধৱী বুলি ইতিমধ্যে চর্চিত হৈছে৷

You might also like