নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শন হ’ব ব্রিজ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: ৰাষ্ট্রীয় পর্যায়ত আন এক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে কৃপাল কলিতাৰ বহুচর্চিত ছবি ব্রিজে৷ ১৯সংখ্যক পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শন হ’ব এই ছবিখন৷ অহা ১১ মার্চৰ পৰা ১৮ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া চলচ্চিত্র মহোৎসৱখনত ব্রিজৰ দুটা দর্শনী অনুষ্ঠিত হ’ব৷ পুনে ফিল্ম ফাউণ্ডেচন আৰু মহাৰাষ্ট্র চৰকাৰে যুটীয়াভাৱে এই মহোৎসৱখনৰ আয়োজন কৰিছে৷

ইফালে, একেখন আয়োজক সমিতিয়ে আয়োজন কৰা ১১সংখ্যক য়চোন্ত আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো ব্রিজ প্রদর্শন কৰা হয়৷ মায়ানগৰী মুম্বাইত অহা ২০ মার্চৰ পৰা ২৫ মার্চলৈ এই মহোৎসৱখন অনুষ্ঠিত হ’ব৷ দুয়োখন মহোৎসৱত অপ্রতিযোগী শাখাত ছবিখন প্রদর্শন হ’ব৷ অহা ১০ মার্চত গুৱাহাটীৰ পৰা পুনেলৈ উৰা মাৰিব ব্রিজৰ পৰিচালক কৃপাল কলিতা৷

উল্লেখ্য যে এতিয়ালৈকে ২০খনতকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণৰ সুযোগ লাভ কৰিছে ব্রিজে৷ এই ছবিখন প্রযোজনা কৰিছে ৰমা কুমাৰ দাস আৰু কবিতা দেৱীয়ে৷ কাহিনী, চিত্রনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ব্রিজৰ সম্পাদনাও কৰিছে কিশোৰ ডেকাই৷ ছিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শর্মা, অমৃত প্রিয়তমে ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰা কলা নির্দেশনাও কৰিছে দীপেন চুতীয়াই৷ ব্রিজৰ মূল চৰিত্রত অভিনয় কৰিছে শিৱাৰাণী কলিতাই৷ তদুপৰি অনিন্দিতা দাস, প্রার্থপ্রতিম বৰা, স্বপ্ণি নাথ, ভূপেন শর্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শর্মা, শচীন্দ্র ভূঞা আদি শিল্পীয়ে কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিছে৷

You might also like