নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষ–মহিলাৰ বাঁহভঙা খেল উদ্বোধন কৰিব মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: শুৱালকুছিৰ ঐতিহ্যমণ্ডিত উদাসীন সত্র ঈশ্বৰ শ্রীশ্রী হাটী সত্রৰ উদ্যোগত শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ ২৭ মার্চৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ ইতিমধ্যে সত্রখনৰ বুঢ়াসত্রীয়া ভগ্ণেশ্বৰ মহন্তক উপদেষ্টা, ডেকাসত্রীয়া ৰাজীৱলোচন সন্তক সভাপতি, কুলদীপ দাস আৰু নিপল দাসক সাধাৰণ সম্পাদক হিচাপে লৈ দৌল মহোৎসৱ পৰিচালনা সমিতি এখন গঠন কৰা হৈছে৷ সমিতিয়ে প্রকাশ কৰা কার্যসূচী মতে, ২৭ মার্চৰ পুৱা পতাকা উত্তোলনেৰে দৌল মহোৎসৱৰ কার্যসূচী মুকলি কৰিব বুঢ়াসত্রীয়া ভগ্ণেশ্বৰ মহন্তই৷

সেইদিনাৰ মুখ্য কার্যসূচীৰ ভিতৰত আছে নিৰদা ভৰালী সোঁৱৰণী মণ্ডপ উদ্বোধন, ভক্তি উৎসৱ সমাৰোহ, গকুল ভৰালী সোঁৱৰণী মঞ্চ উদ্বোধন, বত্তৃণতা প্রতিযোগিতা, ভেশছন প্রতিযোগিতা, ৰাজহুৱা বন্তি প্রজ্বলন, শিশুসকলৰ কৃষ্ণ নৃত্য প্রদর্শন, মেজিদাহ, গোহঁাই দৌল মন্দিৰত প্রতিষ্ঠা, সন্ধিয়া আতচবাজী অনুষ্ঠান মুকলি কৰিব প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷ নিশা নটৰাজ এমেচাৰ গ্রুপ, নলবাৰীৰ দ্বাৰা যাত্রা অভিনয়৷ ২৮ মার্চৰ মুখ্য কার্যসূচীৰ ভিতৰত আছে আইমাতৃ আৰু বাপ ভকতৰনাম–প্রসংগ্, দৌল মহোৎসৱৰ মুখপত্র ‘ৰংগে ফাকু খেলে’ উন্মোচন, হোলীগীত প্রতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি, সম্বর্ধনা অনুষ্ঠান আৰু নিশা সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠান৷

২৯ মার্চৰ পুৱা ভকত আৰু আইমাতৃৰ আবিৰৰ অনুষ্ঠান, দুপৰীয়া নগৰত গোহাইৰ পৰিভ্রমণ, গোহাইৰ বিবাহ আৰু কৃষ্ণ ভোগ বিতৰণ, আবেলি পঞ্চ অমৃতৰ টেকেলি ভঙা, তেলুৱৈ বাঁহত বগোৱা খেল৷ আবেলি তিনি বজাত পুৰুষ–মহিলাৰ বাঁহভঙা খেল উদ্বোধন কৰিব মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সন্ধিয়া পতাকা অৱতৰণ৷ দৌল মহোৎসৱৰ সকলো কার্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে৷

You might also like