নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমৃদ্ধিশালী অসমৰ প্ৰতিফলন ঘটিছে বাজেটতঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: আজি সদনৰ মজিয়াত বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখন যথাৰ্থতে এখন জনমুখী বাজেট। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ উন্নত, সমৃদ্ধিশালী অসমৰ বাস্তৱ প্ৰতিফলন ঘটিছে আজিৰ এই বাজেটখনত। বিশেষকৈ সমাজৰ দৰিদ্ৰ জনসাধাৰণৰ লগতে কৃষক, শ্ৰমিক, ৰোৱনী-বোৱনী, গৃহিণীকে ধৰি মধ্যবিত্ত শ্ৰেণীয়ে বাজেটখনৰ জৰিয়তে সম্পূৰ্ণ সকাহ পাব। চহৰ-নগৰ, মহানগৰৰ লগতে গ্ৰামাঞ্চলৰ বিকাশত অভূতপূৰ্ব অৰিহণা আগবঢ়াব এই বাজেটখনে। ৰাজ্যখনৰ নিৱনুৱাসকলৰ বাবেও অতি সু-সংবাদ কঢ়িয়াই আনিছে আজিৰ বাজেটখনে।

“স্বয়ম” আঁচনিৰ অধীনত অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ নিৱনুৱা যুৱক-যুৱতীক এককালীন প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে এই বাজেটত। তদুপৰি, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এইখন চৰকাৰৰ দুবছৰীয়া পূৰ্তিৰ সময়তে ১ লাখ নিযুক্তিৰ সীমাৰেখা প্ৰায় স্পৰ্শ কৰিব। সুখৰ কথা এয়ে যে, ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ-সংখ্যালঘু সকলো জাতি-জনগোষ্ঠীৰ সমউন্নয়নৰ বাবে বাজেটখনে গ্ৰহণ কৰা ভূমিকাই নিঃসন্দেহে আগন্তুক দিনত আমাৰ মাতৃভূমি অসমক দেশৰ ৫খন শীৰ্ষ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰাত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব।

অসমৰ ঐতিহ্যৰ অন্যতম চানেকিস্বৰূপ তথা চাহ খেতিৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে চাহ-কৃষি শিল্পক অসমৰ পৰিসীমা নেওচি দেশ তথা বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে এই বাজেটখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সমান্তৰালভাৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা অসমীয়া জাতীয় জীৱনৰ অন্যতম হৃদস্পন্দন কাজিৰঙাকে ধৰি ৰাজ্যৰ অন্যান্য অভয়াৰণ্যসমূহক পুনৰ নতুন ৰূপেৰে উজ্জ্বীৱিত কৰিবলৈ এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। তদুপৰি, দাৰিদ্ৰতা নিবাৰণৰ বাবে দেশৰ অন্যতম বৃহৎ সফল আঁচনি হিচাপে চিহ্নিত অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো পূৰ্বৰ মাহিলি ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৪০০ টকালৈ বৃদ্ধি কৰা কাৰ্যই ৰাজ্যখনৰ সৰ্বমুঠ ২৭.৫ লাখ মহিলাক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। তেনেদৰে কৃষি, পশুপালন আদি খণ্ডতো কৃষক তথা পশুপালকসকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটাই ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ গতি ক্ষিপ্ৰ কৰি তোলাৰ বাবে এই বাজেটৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৰাস্তা-ঘাট, দলং আদিৰ বাবে বাজেটত উল্লেখ কৰা প্ৰস্তাৱসমূহ ৰাজ্যৰ প্ৰগতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব। অসমৰ ঐতিহ্যপূৰ্ণ চৰাইদেউ পূৰাতাত্বিক স্থানৰ লগতে অসমৰ বিভিন্ন অংশৰ ১১টা স্থানৰ পূৰাতাত্বিক খননৰ বাবে বাজেটখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবেও বাজেটত ঘোষিত প্ৰকল্প তথা আঁচনিসমূহে নিঃসন্দেহে ৰাজ্যখনৰ জনস্বাস্থ্যৰ আমূল পৰিবৰ্তনৰ সূচনা কৰিব। একেদৰে, ৰাজ্যখনৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত বান-খহনীয়া আদিৰ সমাধানৰ ক্ষেত্ৰতো এই বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিছে।

শিক্ষা, বন, নগৰ উন্নয়ন, পঞ্চায়ত তথা গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, মীন, উদ্যোগ আৰু বাণিজ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, হস্ততাঁত আৰু বয়ন, ৰেচম, শক্তি, জলসিঞ্চন, সাংস্কৃতিক, ক্ৰীড়া, শ্ৰম আৰু শ্ৰমিক কল্যাণ আদি বিভিন্ন ক্ষেত্ৰৰ বিকাশতো এই বাজেটে বিশেষ গুৰুত্ব দিছে। ৰাজ্যখনৰ সমবায় খণ্ডৰ বিকাশৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণক সংগঠিত কৰি তেওঁলোকৰ অৰ্থনৈতিক স্থিতি সবল কৰাত এই বাজটে গুৰুত্ব দিছে। লগতে সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ দিশতো অগ্ৰাধিকাৰ দিয়া হৈছে। ঐতিহাসিক অসম চুক্তিৰ বিভিন্ন দফাৰ ফলপ্ৰসূ ৰূপায়ণৰ উপৰি মহান শ্বহীদসকলৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগকো বাজেটত যথেষ্ট গুৰুত্ব দিয়া হৈছে।

You might also like