নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ ভোলাবৰিত নিজ পত্নীক হত্যা কৰি পলাতক স্বামী

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভোলাবৰীত আজি সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। নিজ গৃহৰ শোৱনি কোঠাত সুশান্ত বৰাই হত্যা কৰিলে পত্নী মমি বৰাক।দৰ্জা বন্ধ কৰি শোৱনি কোঠাতে নিশা পত্নীক হত্যা কৰি খিৰিকীৰে পলাই যায় হত্যাকাৰী সুশান্ত। পুৱা ভাতৃক ফোন যোগে পত্নীক হত্যা কৰাৰ খবৰ দিয়ে হত্যাকাৰী সুশান্তই।লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।বৰ্তমানেও পলাতক অৱস্থাত আছে হত্যাকাৰী সুশান্ত বৰুৱা।হত্যাকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। এগৰাকী পাঁছ বছৰীয়া কনমানি সন্তানৰ মাতৃ আছিল মৃত মমি বৰা।

 

উল্লেখ্য যে আজিৰ পৰা আঠ বছৰ পূৰ্বে সুশান্তই যোৰহাটৰ মমি বৰাক প্ৰেম সূত্ৰে বিবাহ কৰিছিল। বৰ্তমান কৰ্মসূত্ৰে অৰুনাচলৰ এটা ব্যক্তিগত খণ্ডৰ ব্যৱসায়ী প্ৰতিষ্ঠানত মেনেজাৰ হিচাপে কৰ্মৰত আছিল সুশান্ত বৰা। আজিৰ পৰা দহ দিন পূৰ্বে স্বাস্থ্যজনিত কাৰণত ঘৰলৈ আহি শান্তিৰেই দিন পাৰ কৰিছিল পৰিয়ালটোৱে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে যোৱা নিশা সুশান্তই নিজ মাতৃ, ভাতৃ, বোৱাৰী, পত্নী জিয়ৰী সহিতে নৈশ ভোজন কৰি নিজ নিজ কোঠাত সকলো শুইছিল। কোনো ধৰণৰ কাজিয়া পেছাল হোৱা গম পোৱা নাছিল পৰিয়ালৰ লোকে। কিন্তু আজি পুৱা পত্নীক হত্যা কৰি কোঠাৰ দৰ্জাৰ হুক ভিতৰৰ পৰা মাৰি খিৰিকীৰে ঘৰৰ পৰা পলায়ন কৰে। ঘৰৰ পৰা গৈ নিজ ভাই আৰু ভাই বোৱাৰীক পত্নী হত্যাৰ কথা অৱগত কৰি ফোনৰ ছুইটছ বন্ধ কৰে। উপায়ন্তৰ হৈ ভাতৃ গৈ নাৰায়ণপুৰ থানাত উপষ্ঠিত হৈ আৰক্ষীক ঘটনাটোৰ বিষয়ে বিৱৰি কয়। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
চন্দন শইকীয়া
You might also like