নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত ভৱানীপুৰৰ পৰিৱর্তে অখিলক লাগে থাওৰা সমষ্টি

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ  আসন্ন উপ–নির্বাচনত কংগ্রেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদলৈ মিত্রতাৰ দুৱাৰ খুলি দিছে যদিও আসনক লৈ এতিয়াও অংক মিলা নাই ৰাইজৰ দলৰ৷ কংগ্রেছে ৰাইজৰ দলক ভৱানীপুৰ সমষ্টি আৰু অসম জাতীয় পৰিষদক মাজুলী সমষ্টি এৰি দিছে৷ কিন্তু ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিৰ পৰিৱর্তে এতিয়াও থাওৰা সমষ্টি বিচাৰি আছে৷

এনে অৱস্থাৰ মাজতে শনিবাৰে দিনৰ ভাগত জ্যেষ্ঠ কংগ্রেছ নেতা তথা কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনৰ নগাঁৱৰ আমনিস্থিত বাসগৃহত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ উপস্থিত হৈ এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷

সেইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জ্যেষ্ঠ নেতা জগদীশ ভূঞাই শনিবাৰে গুৱাহাটীত বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু সাংসদ আব্দুল খালেকৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷

ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কোনো কাৰণতে থাওৰা সমষ্টি ৰাইজৰ দলক এৰি দিয়া নহয় বুলি  পুনৰ স্পষ্ট কৰি দিছে৷

উল্লেখ্য যে ৰকিবুল হুছেইনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কয় যে কংগ্রেছে তেওঁলোকক ভৱানীপুৰ সমষ্টি এৰি দিছে যদিও সেই সমষ্টিটোত নির্বাচন খেলাৰ বাবে তেওঁলোকৰ প্রস্তুতি নাই বাবেই ভৱানীপুৰত নির্বাচন নেখেলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

কংগ্রেছক ইতিমধ্যে সেই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰিছে৷ ৰাইজৰ দলে থাওৰা সমষ্টিৰ বাবে ধৈর্য কোঁৱৰক প্রার্থিত্বৰ বাবে আগবঢ়াইছে৷ যদি কিবা কাৰণত বা কংগ্রেছৰ দলীয় বাধ্য–বাধকতাৰ বাবে সেই সমষ্টি এৰি নিদিয়ে, তেতিয়াহ’লে তেওঁলোকে থাওৰা আৰু মৰিয়নিৰ বাদে মাজুলী, ভৱানীপুৰ, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত কংগ্রেছক সমর্থন কৰিব৷

ভৱানীপুৰ সমষ্টিৰ পৰা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক অৱতীর্ণ হোৱাৰ প্রস্তাৱ দি গগৈয়ে কয় যে তেওঁ ভূপেন বৰাক ফোনযোগেও এই কথা অৱগত কৰিছে৷ ভৱানীপুৰৰ পৰা বিজেপিয়ে এইবাৰ যিগৰাকী ব্যক্তিক প্রার্থিত্ব দিয়াৰ প্রস্তুতি চলাইছে, তেওঁ এগৰাকী মাটিৰ দালাল৷ ৰাইজৰ দল, জাতীয় পৰিষদ আৰু কংগ্রেছ দল একগোট হৈ ঐক্যবদ্ধভাৱে সাম্প্রদায়িক বিজেপিক পৰাভূত কৰিব পাৰিব৷ ৰকিবুল হুছেইনৰে হোৱা বৈঠক সম্পর্কত গগৈয়ে কয় যে এই আলোচনাৰ শেষ পৰিণতি যিয়েই নহওক, ই এটা মাইলৰ খুঁটি ৰূপে পৰিচিত হ’ব৷ কংগ্রেছৰ লগত তেওঁলোকৰ এই মিত্রতা ২০২৪ৰ লোকসভা আৰু ২০২৬ৰ বিধানসভা নির্বাচনলৈকে অটুট থাকিব৷ বিজেপি আমাৰ প্রধান শত্রু৷ এই দলটোক পৰাভূত কৰিবলৈ আমি সকলোৱে একগোট হ’ব লাগিব৷ বিজেপিক হৰুৱাবলৈ আমি যিকোনো পদক্ষেপ গ্রহণ কৰিম৷

ৰাইজৰ দলৰ সভাপতি গগৈয়ে কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্রসংগত কয় যে তেওঁ বিজেপি তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট৷ কংগ্রেছে শ্বেৰমানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব লাগে৷ বিধানসভা নির্বাচনৰ পূর্বে কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি মন্তব্য কৰি বিজেপিক আওপকীয়াকৈ সহায় কৰিলে৷ এইবাৰ উপ–নির্বাচনৰ আগে আগে অসমৰ শ্বহীদসকলক ঘাতক বুলি কৈ উপ–নির্বাচনৰ বৈতৰণি পাৰ হ’বলৈ গৈ আছে৷ কংগ্রেছৰ মাজত সোমাই থকা বিজেপিৰ এনে এজেণ্টসকলক কংগ্রেছে কঠোৰ সিদ্ধান্ত গ্রহণ কৰি ব্যৱস্থা ল’ব লাগে৷

সেইদৰে ৰকিবুল হুছেইনে ৰাইজৰ দলৰ সভাপতিৰ সৈতে হোৱা বৈঠক ইতিবাচক বুলি মন্তব্য কৰি কয় যে এই আলোচনাৰ বিষয়ে তেওঁ কংগ্রেছৰ হাইকমাণ্ডক অৱগত কৰিছে৷ তেওঁ লগতে এ আই ইউ ডি এফৰ লগত যোৱা বিধানসভা নির্বাচনৰ সময়ত হোৱা মিত্রতা ভুল সিদ্ধান্ত আছিল বুলি মন্তব্য কৰি কয় যে এ আই ইউ ডি এফৰ বিজেপিৰ লগতহে মিত্রতা আছে৷ কিছুমান মিত্রতা খোলাখুলি আৰু কিছুমান গোপন মিত্রতা থাকে৷ বিজেপিক ৫৮ লাখ টকা বৰঙণি কোনে দিছে, ৰাইজে দেখিছে৷

ইফালে আসন্ন উপ–নির্বাচন সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই নলবাৰীত সাংবাদিকৰ আগত কয় যে কাইলৈ উপ–নির্বাচনৰ কংগ্রেছৰ প্রার্থী তালিকা প্রকাশ পাব বুলি আশা কৰা হৈছে৷ থাওৰা সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ প্রশ্ণই নুঠে বুলি স্পষ্ট কৰি দি সভাপতি বৰাই কয় যে তিনি মাহ আগৰ নির্বাচনত সেই সমষ্টিত কংগ্রেছেই জয়লাভ কৰিছে৷ এনে অৱস্থাত সেই সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ প্রশ্ন উঠিব নোৱাৰে৷ ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়া হৈছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়তো সমষ্টিটো কংগ্রেছে এৰি দিছিল৷ এতিয়া ৰাইজৰ দলে তাত প্রতিদ্বন্দ্বিতা কৰা–নকৰাটো তেওঁলোকৰ কথা৷ যদিহে তেওঁলোকে ভৱানীপুৰত প্রতিদ্বন্দ্বিতা নকৰে, তেতিয়াহ’লে সেই সমষ্টিটোৰ বাবে কংগ্রেছে প্রার্থী ঘোষণা কৰিব৷ তেওঁ লগতে কংগ্রেছৰ সিদ্ধান্তৰ প্রতি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আদৰণি জনাইছে বুলিও উল্লেখ কৰে৷

You might also like