নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিৰ পিতাক অপমানঃ নগাঁৱত ডিজেৰ গীতত উদ্দাম নৃত্যৰে উদযাপন কৰিলে গান্ধী জয়ন্তী

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ  ৰটাৰী ক্লাব নগাঁৱৰ উদ্যোগত শনিবাৰে মহামানৱ মহাত্মা গান্ধীৰ পৱিত্র জন্মদিন উপলক্ষে নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা মাৰাথন দৌৰৰ কার্যসূচীত জাতিৰ পিতাক চূডান্ত অসন্মান প্রদর্শন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷

নগাঁও চহৰৰ সমীপৱর্তী উৰিয়াগাঁও বাইপাছৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰৰ কার্যসূচীত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিছবিখনক একাষে থৈ ৰটাৰী ক্লাবৰ একাংশ লোকে ডি জে মিউজিকৰ তালে তালে উদ্দাম নৃত্য কৰা দৃশ্যই উপস্থিত একাংশ লোকক অসন্তুষ্ট কৰি তোলে৷

কালিপুৱা প্রায় পাঁচ বজাতে ৰটাৰী ক্লাবৰ আহ্বান ক্রমে নগাঁৱৰ বহু লোক উৰিয়াগাঁৱৰ মাৰাথানত উপস্থিত হয়গৈ আৰু সেই স্থানত উপস্থিত হৈ ৰটাৰী ক্লাবৰ একাংশ লোকৰ বেপেৰুৱা নৃত্য আৰু জাতিৰ পিতাক কৰা চূডান্ত অসন্মানৰ দৃশ্য দেখি চকু কপালত উঠে৷ ছাউণ্ড ছিষ্টেমৰ কাণফলা শব্দত ব্যাপক শব্দ প্রদূষণৰ সৃষ্টি হোৱাৰ উপৰি অসংখ্য মানুহৰ সমাগমে চৰকাৰৰ ক’ভিড বিধিক অংগুষ্ঠ প্রদর্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

এতিয়া নগাঁও জিলা প্রশাসন অথবা আৰক্ষী প্রশাসনে জাতিৰ পিতাক জন্মদিনৰ দিনাই নগাঁৱত কৰা চূডান্ত অসন্মান আৰু ক’ভিড বিধি ভংগ কৰা ৰটাৰী ক্লাবৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, ই লক্ষণীয় হ’ব৷

You might also like