নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুপেটীয়াত হিন্দু যুৱকক ধর্মান্তৰিত কৰি মুছলমান যুৱতীৰে বিবাহ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ দুমাহ পূর্বে এক কু–চক্রৰ কবলত পৰি ধর্মান্তৰিত হোৱা খাৰুপেটীয়াৰ ৪নং ৱার্ড, টিলাপট্টিৰ বাসিন্দা প্রসেনজিৎ দাসক কালি এজন সাহসী স্থানীয় যুৱকে কৌশলেৰে উদ্ধাৰ কৰি খাৰুপেটীয়া থানাত গতাই দিয়ে৷

উল্লেখ্য যে পাঁচ আগষ্টত প্রসেনজিতে খাৰুপেটীয়াৰ বুঢ়ীগাঁৱৰ এখন ধাবাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল৷ প্রসেনজিতৰ মাতৃ ঠাকুৰী বালা দাসে পুত্রৰ ৰহস্যজনক নিৰুদ্দেশ সন্দর্ভত খাৰুপেটীয়া থানাক লিখিতভাৱে অৱগত কৰাইছিল যদিও সংশ্লিষ্ট আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্রহণ কৰা নাছিল৷

সম্প্রতি পোহৰলৈ অহা তথ্য আৰু প্রসেনজিতৰ ভাতৃয়ে জনোৱা অনুসৰি আলিমুখ গাঁৱৰ দুলহাছ আলীৰ কন্যা গোলাপী বেগমে আন কেইবাজনো লোকৰ সহযোগিতাত প্রসেনজিতক পলুৱাই নি বলপূর্বক ধর্মান্তৰিত কৰি নিকাহ সম্পন্ন কৰিছিল৷ এইবিষয়ে খাৰুপেটীয়া আৰক্ষীক জনোৱা সত্ত্বেও প্রসেনজিতক উদ্ধাৰ কৰিবলৈ উদ্যোগ গ্রহণ নকৰাৰ অভিযোগ পৰিয়ালৰ৷ অৱশ্যে বিজেপিৰ বুথ পর্যায়ৰ এগৰাকী সচেতন কর্মীৰ তৎপৰতাত ধর্মান্তৰিত যুৱকজনক উদ্ধাৰ কৰাটো সম্ভৱ হ’ল বুলি তেওঁৰ ঘৰৰ পৰিয়ালে জনাইছে৷

You might also like