নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ত আৰম্ভ কা ৰ শুনানিঃ ৩১ অক্টোবৰত পৰৱৰ্তী শুনানি

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সুকীয়া প্রেক্ষাপটত বিতর্কিত নাগৰিকত্ব সংশোধনী আইনক (কা) প্রত্যাহ্বান জনোৱা আবেদনসমূহৰ শুনানি গ্রহণ কৰা হ’ব৷ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ বিচাৰপীঠে কালি এই কথা পুনৰ স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে দীর্ঘ দুহ বছৰৰ ব্যৱধানত উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে গ্রহণ কৰা নাগৰিকত্ব সংশোধনী আহনক লৈ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা অলপতে এখন শপতনামাও দাখিল কৰা হৈছিল৷ উক্ত শপতনামাত নাগৰিকত্ব সংশোধনী আহনখন অসম, ত্রিপুৰা তথা উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বাবে ভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণৰ প্রয়োজন আছে বুলি কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে৷ শপতনামাৰ ৮২নং দফাত স্পষ্টকৈ কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী আহনক লৈ অসম, ত্রিপুৰা আৰু উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বিশেষ (peculiar) পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সুকীয়াকৈ তথা বিস্তাৰিতভাৱে এখন শপতনামা প্রস্তুত কৰি আছে৷

এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ শপতনামাত সদৌ অসম ছাত্র সন্থাৰ লেখ আবেদনৰ কথা উল্লেখ কৰি ইয়াৰ সৈতে সন্নিৱিষ্ট আন আবেদনসমূহৰ বাবে সুকীয়াকৈ শপতনামা দাখিল কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ বাস্তৱত নাগৰিকত্ব সংশোধনী আহনখন ৰূপায়ণৰ ক্ষেত্রত দেশৰ আন ৰাজ্যসমূহৰ সৈতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়টো যে সম্পূর্ণ সুকীয়া, সেহ কথা কেন্দ্রীয় চৰকাৰে প্রকাৰান্তৰে শেহতীয়া শপতনামাত স্বীকাৰ কৰা পৰিলক্ষিত হৈছে৷ আনহাতে কেৱল উত্তৰ–পূর্বাঞ্চল বুলি নহয়, নাগৰিকত্ব সংশোধনী আহনক প্রত্যাহ্বান জনোৱা সকলো আবেদন তালিকাভুক্ত কৰি আবেদনসমূহৰ বৈশিষ্ট্যৰ ভিত্তিত শ্রেণী বিন্যাস কৰিবলৈ মুখ্য ন্যায়াধীশ ললিত আৰু এছ ৰবীন্দ্র ভাটৰে গঠিত দুজনীয়া বিচাৰপীঠে কেন্দ্রৰ ছলিচটৰ জেনেৰেল তুষাৰ মেহতাক নির্দেশ দিছে৷ অহা চাৰি সপ্তাহৰ ভিতৰত আবেদনসমূহৰ শ্রেণী বিন্যাস কৰিবলৈ ন্যায়ালয়ে আজি নির্দেশ দিছে৷ ৩১ অক্টোবৰত ন্যায়ালয়ে পৰৱর্তী শুনানি গ্রহণ কৰিব৷

উল্লেখ্য যে সম্প্রতি নাগৰিকত্ব সংশোধনী আহনৰ পক্ষে–বিপক্ষে মুঠ ২১৯খন আবেদন উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে৷ লক্ষণীয়ভাৱে নাগৰিকত্ব সংশোধনী আহনক প্রত্যাহ্বান জনাহ অসম আৰু ত্রিপুৰাৰ কেইবাটাও দল–সংগঠনে উচ্চতম ন্যায়ালয়ত আবেদন জনাহছে যদিও অসম আৰু ত্রিপুৰা চৰকাৰে সমগ্র বিষয়টোত এতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ সমুখত নিজৰ স্থিতি স্পষ্ট কৰা নাই৷ সেয়েহে অহা চাৰি সপ্তাহৰ ভিতৰত দুয়োখন চৰকাৰকো শপতনামা দাখিল কৰিবলৈ ন্যায়ালয়ে আজি নির্দেশ দিয়ে৷ লগতে সংশ্লিষ্ট সকলো পক্ষক নিজা নিজা বক্তব্যসমূহ ন্যায়ালয়ৰ সমুখত আগবঢ়াবলৈ প্রয়োজনীয় সকলো নথিপত্রসহ শপতনামা দাখিল কৰিবলৈও নির্দেশ দিয়ে৷ লক্ষণীয়ভাৱে প্রয়োজনত দুজনীয়া বিচাৰপীঠৰ পৰিৱর্তে তিনিজনীয়া বিচাৰপীঠত নাগৰিকত্ব সংশোধনী আহনৰ আবেদনসমূহৰ শুনানি গ্রহণ কৰা হ’ব বুলি মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে পোষকতা কৰে৷ নাগৰিকত্ব সংশোধনী আহনৰ নিচিনা সংবেদনশীল বিষয়ত আবেদনসমূহৰ গুৰুত্বৰ কথা বিবেচনা কৰি মুখ্য ন্যায়াধীশ ললিতে এই প্রস্তাৱ আগবঢ়ায়৷

মন কৰিবলগীয়া যে আবেদনসমূহৰ বৈশিষ্ট্যৰ ভিত্তিত কৰিবলগীয়া শ্রেণী বিন্যাসৰ ভিত্তিত প্রতিটো শ্রেণীৰ আবেদনৰ ওপৰত কেন্দ্রীয় চৰকাৰক সুকীয়া সুকীয়াকৈ শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে আন দুহ সপ্তাহ বান্ধি দি ৩১ অক্টোবৰত পৰৱর্তী শুনানিৰ দিন ধার্য কৰে৷ নাগৰিকত্ব সংশোধনী আইনৰ আবেদনসমূহৰ শুনানি সুকলমে আগবঢ়াই নিয়াৰ বাবে আবেদনসমূহৰ শ্রেণী বিন্যাস কৰা উচিত বুলি মুখ্য ন্যায়াধীশ ললিতে আজি মত ব্যক্ত কৰে৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আহনৰ জৰিয়তে চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু ক্রমে হিন্দু, শিখ, বৌদ্ধ, জৈন আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকসকলক ভাৰতৰ নাগৰিকত্ব প্রদানৰ দিহা কৰা হৈছে৷ আজি ন্যায়ালয়ত সংশ্লিষ্ট বিভিন্ন পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অভিষেক মনু সিংভি, ইন্দিৰা জয়সিং, মেনকা গুৰুস্বামী আদিয়ে যুক্তি আগবঢ়োৱা পৰিলক্ষিত হয়৷ আনহাতে নাগৰিকত্ব সংশোধনী আইনক প্রত্যাহ্বান জনোৱা অসমৰ দল–সংগঠনসমূহ ভিতৰত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পলাশ চাংমাই, অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে শুনানিকালত উপস্থিত থাকে৷

You might also like