নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ নামত খৰচ হ’ব ১৮০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ নামত ব্যয় হ’ব ১৮০০ কোটি টকা৷ অকল মন্দিৰটো নির্মাণতেই এই বৃহৎ অংকৰ ধনৰাশি ব্যয় হ’ব৷ ইয়াৰ উপৰি বিগ্রহ আৰু অন্যান্য ক্ষেত্রতো কেইবাকোটি টকাও খৰচ হ’ব বুলি শ্রীৰাম জন্মভূমি তীর্থ ক্ষেত্র ন্যাসৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ন্যাসে এই কথাও সদৰী কৰিছে যে প্রয়োজন হ’লে খৰচৰ পৰিমাণ বৃদ্ধি কৰিব লগাও হ’ব পাৰে৷ কালি সন্ধিয়া ৰাম মন্দিৰৰ নির্মাণ সন্দর্ভত ন্যাসৰ এক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকৰ পিছতে ন্যাসে সংবাদ মাধ্যমক ৰাম জন্মভূমিক লৈ ভৱিষ্যৎ পৰিকল্পনাৰ কথা জনাই দিয়ে৷ আগন্তুক দিনত মন্দিৰৰ কি কি শিতানত কিমান খৰচ হ’ব তাৰ এক সম্ভাব্য হিচাপো দাখিল কৰা হয়৷ ন্যাসৰ সাধাৰণ সম্পাদক সম্পট ৰায়ে উল্লেখ কৰা অনুসৰি বহু বিবেচনাৰ পিছত নির্মাণ সম্পর্কীয় খৰচৰ এক সম্ভাব্য হিচাপ ঠিক কৰা হৈছে৷ অৱশ্যে আগন্তুক দিনত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ তথাপি অকল মন্দিৰটো নির্মাণতেই ১৮০০ কোটি টকা খৰচ হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like