নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ৰাছিয়াৰ ৰাষ্ট্রপতি নির্বাচন

ইউক্রেইন যুদ্ধৰ মাজতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ কট্টৰ সমালোচক আলেক্সেই নাভালনিৰ ৰহস্যজনক মৃত্যুক লৈ সমালোচনাৰ জ্বৰ উঠিছে বিশ্বজুৰি৷ ইফালে, ইউক্রেইন যুদ্ধত প্রতিদিনে ৰুছ সৈনিকৰ মৃত্যুৰ তালিকা দীঘলীয়া হোৱা বিষয়টোক লৈও ৰাছিয়াৰ অভ্যন্তৰতে সৃষ্টি হৈছে ক্ষোভ৷ ইয়াৰ মাজতে আকৌ এটা কার্যকালৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ এক অস্থিৰ অৱস্থাৰ মাজত আগন্তুক ১৫ মার্চৰ পৰা ৰাছিয়াত অনুষ্ঠিত হ’ব ৰাষ্ট্রপতি নির্বাচন৷ ১৭ মার্চলৈকে চলিব এই নির্বাচন৷ ৰাছিয়াৰ সংবাদ মাধ্যমৰ পূর্বাভাষ অনুসৰি অল ৰাছিয়া পিপলছ ফ্রণ্টৰ প্রার্থী তথা বর্তমান ৰাষ্ট্রপতি পুটিনৰ সৈতে মূল যুঁজখন হ’ব ৰুছ কমিউনিষ্ট পার্টীৰ প্রার্থী নিকোলাই খাৰিটনভৰ৷ প্রতিদ্বন্দ্বিতা আছে লিবাৰেল ডেম’ক্রেটিক প্রার্থী লিওনিড স্লুৎস্কি আৰু ইউনিয়ন অৱ প্রগ্রেছিভ পলিটিকেল ফ’র্চেছৰ ভ্লাডিস্কভ ডাভানক’ভো৷ লক্ষণীয়ভাৱে বিগত আঢ়ৈ দশক ধৰি ৰাছিয়াৰ ৰাজনীতিত পুটিন কার্যতঃ অপ্রতিৰোধ্য হৈ আছে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণা অনুসৰি নির্বাচনত ব্যাপক অনিয়ম সংঘটিত কৰি হ’লেও পুটিনেই পুনৰ ক্ষমতালৈ আহিব৷ এইবাৰ ৰাছিয়াৰ অভ্যন্তৰত পুটিনৰ জনপ্রিয়তা হ্রাস পাইছে যদিও ক্রেমলিনৰ লক্ষ্য হ’ব পূর্বৰ চাৰিটা ৰাষ্ট্রপতি নির্বাচনৰ তুলনাত পুটিনৰ ভোট বৃদ্ধি নিশ্চিত কৰা৷ ২০১৮ চনত ৰাষ্ট্রপতি পুটিনে নির্বাচনত লাভ কৰিছিল ৭৭.৫ শতাংশ ভোট৷ সেই নির্বাচনত বিশেষ কোনো প্রতিদ্বন্দ্বিতা নাছিল৷ নির্বাচনক হাথিয়াৰ হিচাপে লৈ বেলট বক্সত জাল ভোট ভর্তি কৰা, জালিয়াতি আৰু ভোটদানত বাধা প্রদান কৰিছিল পুটিনৰ সমর্থকসকলে৷ বিশ্বজুৰি সেই নির্বাচনৰ বৈধতাক লৈ বিভিন্ন প্রশ্ন উঠিছিল৷ কিন্তু মস্কো প্রশাসনে আন্তর্জাতিক মহলৰ কোনো অভিযোগক গুৰুত্ব নিদিলে৷

এইবাৰৰ নির্বাচনতো অনুৰূপ ঘটনা সংঘটিত হ’ব বুলি একপ্রকাৰ নিশ্চিত হৈছে ৰাজনৈতিক বিশেষজ্ঞসকলে৷ ইতিমধ্যে পুটিনবিৰোধী জনপ্রিয় ৰাজনীতিবিদ বৰিছ নাডেজডিনক নির্বাচনত অংশ লোৱাৰ ক্ষেত্রত বাধা প্রদান কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে ২০১৮ৰ নির্বাচনত পুটিনে পুনৰ ৰাছিয়াৰ ৰাষ্ট্রপতি নির্বাচনত অৱতীর্ণ নহয় বুলি ঘোষণা কৰিছিল৷ অর্থাৎ ২০২৪ৰ নির্বাচনত অৱতীর্ণ হোৱাৰ পৰা বিৰত থাকিব বুলি পুটিনে ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰ দুবছৰৰ ভিতৰতে সিদ্ধান্ত সলনি কৰে ৰাছিয়াৰ শক্তিশালী নেতাগৰাকীয়ে৷ ২০২১ চনত আইন পৰিৱর্তন কৰে ছোভিয়েট যুগৰ গুপ্তচৰ সংস্থা কেজিবিৰ মুৰব্বী পুটিনে৷ আনকি ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা কোনো প্রার্থীৰ নির্দিষ্ট সময়সীমা নাথাকিব বুলি ঘোষণা কৰে পুটিনে৷ ইয়াৰ পিছতে পুটিনে দীর্ঘদিনলৈ দেশখনক শাসন কৰাৰ পথ সুগম হৈ পৰিছে৷ পঞ্চমবাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’লে ২০৩০ চনলৈকে ক্ষমতাত থাকিব পুটিন৷ অর্থাৎ ৰাছিয়াৰ ইতিহাসত দীর্ঘকালৰ শাসক হিচাপে চিহ্ণিত হ’বলৈ গৈ আছে ৰাষ্ট্রপতি পুটিন৷ ছোভিয়েট ইউনিয়নৰ দুগৰাকী নেতাৰ অভিলেখ ভংগ কৰিব ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে৷ ২৪ বছৰকৈ ক্রেমলিনৰ ক্ষমতাত আছিল যোছেফ ষ্টেলিন আৰু লিওনিড ব্র্রেজনেভ৷ এইবাৰ পুটিনে দুয়োগৰাকী নেতাৰ অভিলেখ ভংগ কৰি ছোভিয়েটত্তোৰ ৰাছিয়াক আটাইতকৈ দীর্ঘদিন ধৰি শাসন কৰা ৰাষ্ট্রপতি হিচাপে চিহ্ণিত হ’বলৈ গৈ আছে৷ অৱশ্যে জনপ্রিয়তাৰ সুবাদত নহয়, স্বৈৰাচাৰী পন্থাৰেহে পুটিনে এই অভিলেখ গঢ়িব৷

You might also like