নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিঙিমাৰীত ঘৰৰ সমুখৰ পৰাই শিশু অপহৰণঃ আতংকিত অভিভাৱক

বিশেষ বাৰ্তা, ১১ জুন ::কামৰূপ জিলাৰ শিঙিমাৰীৰ ঘৰৰ সমুখৰ পৰাই এটি এঘাৰ বছৰীয়া শিশু অপহৰণ কৰি নিয়া ঘটনা এটি পোহৰলৈ আহাত তীব্ৰ প্ৰতিক্ৰিয়া ৰ সৃষ্টি হৈছে। অৱশ্য শিশুটিই উপস্থিত বুদ্ধিৰে আজ্ঞাঠুৰীৰ পৰাই অপহৰণকাৰীৰ কৱলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।প্ৰাপ্ত তথ্য মতে, শিঙিমাৰীৰ বিজু বৰ্মনৰ পুত্ৰ প্ৰীতম দাসে ৮ জুনৰ নিশা প্ৰায় ৭-৩০ বজাত আইতাকক ৰখি ৰাজপথৰ পদপথত থিয় হৈ আছিল। সেই সময়ত বংশৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা তীব্ৰবেগী বাইক এখনে শিশুটিৰ ওচৰত ৰৈ শিশুটিক জোৰ কৰি গাড়ীত উঠাই লৈ উধাও হয়। শিশুটিয়ে আৰ্তনাদ কৰে যদিও অপহৰণ কাৰিয়ে শিশুটিক তীব্ৰ গতিত গুৱাহাটী অভিমুখে লৈ যায়। ইফালে দীৰ্ঘ সময় ধৰি শিশুটি ঘৰত নেদেখি পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰে।শিশুটিক বিচাৰি নাপাই পৰিয়ালৰ লোকে দদৰা আৰক্ষী চকাত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰে।আনহাতে শিশুটিক অপহৰণ কৰি তীব্ৰবেগী বাইক খন যান-জঁটৰ বাবে আজ্ঞাঠুৰীত কিছুসময় ৰখাব লগা হোৱত শিশুটিয়ে উপস্থিত বুদ্ধি খটুৱাই তাৎক্ষণিকভাবে বাইকৰ পৰা পলায়ন কৰি ওচৰৰে মানুহ এঘৰত আশ্ৰয় লয়। পিছত শিশুটিই মানুহঘৰৰ পৰাই দেউতাকলৈ ফোন কৰি সকলো কথা বিৱৰি কয়। খৱৰ পোৱা মাত্ৰকে দেউতাকে দদৰা আৰক্ষীৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি ঘৰলৈ আনে ।এই ঘটনাই অভিভাৱকসকলক আতংকিত কৰি তুলিছে। অদ্যাপি আৰক্ষীয়ে অপহৰণ সংক্ৰান্তত কোনো তথ্য লাভ কৰা নাই। বৰ্তমানে তদন্ত চলাই আছে আৰক্ষীয়ে।

প্ৰেৰক দিলীপ মেধি

You might also like