নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা আৰক্ষীৰ অভিযানত ভাং জব্দ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে বুধবাৰে দুপৰীয়া এক অভিযান চলাই ঢকুৱাখনা থানাৰ অন্তৰ্গত বকুলগুৰি আৰু মকৰাচুকত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্য ,ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি, উপ পৰিদর্শক গৌতম দত্তৰ নেতৃত্বত আৰু কনিষ্টবল মনোজ ছেত্ৰী, ৰাজু দে,দিম্পি হাজৰিকা, গৃহৰক্ষী বাহিনীৰ জোৱান ডম্বৰু চুতীয়াৰ সহযোগত গোপন সূত্ৰৰ পম খেদি প্ৰথমে অভিযান চলাই বকুলগুৰিৰ ৰাজপথৰে আহি থকা অৱস্থাৰ পৰা বকুলগুৰি গাঁওৰ নিকুল দলেৰ পৰা ২ কেজি ৭০০ গ্ৰাম ভাং জব্দ কৰে। পৰৱৰ্তী সময়ত দলটোৱে ঢকুৱাখনাৰ মকৰাচুক গাঁওত অভিযান চলাই নিজুমণি বুঢ়াগোহাঁই  আৰু মীনা কলিতাৰ চৌহদৰ পৰা মুঠ ২২ কেজি ২০০ গ্ৰাম ওজনৰ ৪৪ পেকেট  ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানকালত মুঠ ২৪ কেজি ৯০০ গ্ৰাম ভাং উদ্ধাৰ কৰে। আৰক্ষীয়ে  ভাং বেপাৰী নিজুমনি বৰগোঁহাই, মীনা কলিতা আৰু নিকুল দলেক গ্ৰেপ্তাৰ কৰি থানালৈ আনে। এই সন্দৰ্ভত ঢকুৱাখনা থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। ঢকুৱাখনা আৰক্ষীৰ এই সফল অভিযানক সচেতন মহলে শলাগ লৈছে। আনহাতে  উদ্ধাৰ কৰা ভাংখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখৰ অধিক হব  বুলিও জানিবলৈ দিয়ে।

প্ৰেৰক  ৰাজেশ বুঢ়াগোহাঞি

You might also like