নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত প্ৰাইজমানী ক্ৰিকেটত নাহৰকটীয়াৰ ফাইটাৰ ইলেভেন চূড়ান্ত বিজয়ী

বিশেষ বাৰ্তা, ২৬ এপ্ৰিল : জয়পুৰত আয়োজিত প্ৰাইজমানী টেনিছ বল প্ৰতিযোগিতাত ফাইটাৰ ইলেভেন দলে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে। আজি অনুষ্ঠিত চূড়ান্ত খেলখনত দলটোৱে সকচ (Hoks) ইলেভেন দলক ৮ উইকেটত পৰাজিত কৰে। খেলখনত প্ৰথমে বেট ধৰি সকচ ইলেভেন দলে ফাইটাৰ ইলেভেন দলৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ৭ অভাৰত ৬০ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। বলিঙত ফাইটাৰ ইলেভেন চন্দ্ৰজিত বৰুৱা আৰু ৰঞ্জন তন্তাবাইয়ে তিনিটাকৈ তথা জ্যোতিষ্মান বৰঠাকুৰ আৰু সুমিত দাসে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ফাইটাৰ ইলেভেনে অপেনাৰদ্বয় অজিত গোৱালাৰ মাৰমুখী ২৩ আৰু ৰাকেশ বাউৰীৰ ১৭ ৰাণৰ সহায়ত মাত্ৰ ৫.১ বলতে দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। খেলৰ শেষত বঁটা সমূহ বিতৰণ কৰে জয়পুৰৰ বিশিষ্ট যুৱ নেতা তথা বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাই।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like