নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ৰাজমাই-দিচাংমুখ গৰু বজাৰত দালালৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ গাড়ীত তুলি নগাঁও, মৰিগাঁৱলৈ গৰু সৰৱৰাহ কৰাৰ অভিযোগত বিগত ডেৰ বছৰত অদ্ধশতাধিক ব্যক্তি, গাঁও প্ৰধান, হাট খোৱাই মাহ মাহ জুৰি কাৰাগাৰৰ ভাত খোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ শিৱসাগৰ আৰক্ষীয়ে গৰু সৰৱৰাহকাৰীক দিলে ফ্ৰি হেণ্ড৷ গাড়ীত তুলি শিৱসাগৰৰ পৰা নগাঁও- মৰিগাঁৱলৈ গৰু নিয়াত নাই কোনো আইনী বাধা ৷ এই বিস্ফোৰক ভাষ্য শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ ৷শিৱসাগৰ আৰক্ষীয়ে আজি এই কথা আনুষ্ঠানিক ভাৱে স্পষ্ট কৰি দিছে ৷ অসম গো সংৰক্ষণ (সংশোধনী) আইন, ২০২১-ৰ ধাৰা ৭ উপধাৰা (৩) উল্লেখেৰে শিৱসাগৰ আৰক্ষীয়ে কয় যে, কেৱল সেই জিলাখনলৈহে গৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে যিখন জিলা কোনো বিদেশী ৰাষ্ট্ৰৰ সমীপত আছে ৷ অসমৰ ভিতৰত এখন জিলাৰ পৰা আন এখন জিলালৈ গৰু-ম’হৰ চলাচল নিষিদ্ধ নহয়, যদিহে সেই জিলাখন কোনো বিদেশী ৰাষ্ট্ৰৰ সমীপৱৰ্তী নহয় ৷নগাঁও যিহেতু কোনো বিদেশী ৰাষ্ট্ৰৰ সমীপৱৰ্তী জিলা নহয়, গতিকে আইন অনুসৰি নগাঁৱলৈ গৰু সৰবৰাহত গো-সুৰক্ষা আইনৰ অধীনত নাই কোনো আইনী বাধা৷ যোৱানিশা শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে স্পষ্টীকৰণে সংশোধিত আইন অনুসৰি শিৱসাগৰৰ পৰা নগাঁৱলৈ গৰু সৰবৰাহত বাধা নথকা কথাটো স্পষ্ট কৰি দিয়াৰ ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ কিয়নো বিগত সময়চোৱাত শিৱসাগৰ আৰক্ষীয়ে অনুৰূপ অভিযোগত জব্দ কৰা প্ৰায় ষাঠি লাখ টকাৰ গৰু জব্দৰ লগতে অদ্ধশতাধিক সৰৱৰাহকাৰী যে অনাহকত কাৰাগাৰৰ আলহী হব লগা হল সেই কথা আৰক্ষীৰ ভাষ্যতেই স্পষ্ট হোৱাৰ পিছতেই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ ইফালে নগাঁও-মৰিগাঁৱলৈ গাড়ীত তুলি গৰুৰ মুক্ত সৰৱৰাহৰ বাবদ আৰক্ষীক মেনেজ কৰাৰ নামত এটা চিন্দিকেট চক্ৰই দিনৰ পোহৰতেই বৃহৎ অংকৰ ধন সৰকাই অহাৰ তথ্যও পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি আৰক্ষীক মেনেজ কৰাৰ নামত শিৱসাগৰৰ অতি পৰিচিত ছয় দালালে প্ৰতি সপ্তাহে গৰু সৰবৰাহকাৰীৰ পৰা বৃহৎ অংকৰ ধন সৰকাই আহিছে৷ অভিযোগ উঠা মতে, এইকেইটা দালালক টকা নিদিয়াকৈ কোনোখন গৰু ভৰ্তি বাহনেই শিৱসাগৰৰ পৰা নগাৱলৈ যাব নোৱাৰে ৷ ৰাজমাই বজাৰৰ পৰা দৰিকা দলঙলৈকে গৰু অনা গাড়ী আগবঢ়াই দিয়াৰ নামত তুন তুন নামৰ এটা দালালে সংগ্ৰহ কৰে ধন ৷শিৱসাগৰ চহৰ সুৰক্ষিত ভাৱে পাৰ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰে সদৰ থানাত সঘনে সন্দেহজনক নাগৰিকৰ গোচৰ মীমাংসা কৰাই দিয়া তথা জিলা খনত সংঘটিত নাবালিকা বিবাহৰ অন্যতম চৰ্দাৰ খ্যাত এগৰাকী বহু বিতৰ্কীত যুৱকে ৷ ৷ইয়াৰ পিছৰ চোৱাৰ দায়িত্বত পাপু বাহিনী ৷আৰক্ষীক মেনেজ কৰাৰ নামত গৰু সৰবৰাহকাৰীৰ পৰা সংগ্ৰহ কৰা ধনৰ সিংহভাগ আত্মসাৎ কৰে এই ছয় দালালে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে,ইয়াৰে এটা দালাল কেইদিন মানৰ আগলৈকে আছিল এটা হিন্দুত্ববাদী সংগঠনৰ “নেতা” ৷কিন্তু গৰুৰ চিন্দিকেটত নমাৰ অভিযোগতেই সংগঠনটোৱে এই দালালটোক বিদায় দিছিল৷ ইফালে, ৰাজমাইতো জেল ফেৰৎ গৰু চোৰ নিতুল-জিতুল বাহিনীয়ে আৰক্ষীক মেনেজ কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ বিস্ফোৰক তথ্যও পোহৰলৈ আহিছে ৷ এই সম্পৰ্কত প্ৰাপ্ত তথ্য মতে,ৰাজমাই বজাৰত ওলোৱা সিংহভাগ গৰু প্ৰথমে ক্ৰয় কৰে কিছুদিনৰ পুৰ্বে কাৰাগাৰৰ পৰা মুক্ত হোৱা নিতুল-জিতুল বাহিনীয়ে ৷ইয়াৰ পিছত উক্ত গৰুবোৰ বিক্ৰী কৰে নগাওঁ-মৰিগাঁৱৰ বেপাৰীক ৷ স্মৰ্তব্য যে, নিতুল-জিতুল বাহিনীক নেওচি দিচাংমুখ-ৰাজমাইৰ বজাৰত গৰু কিনাৰ সাহস কোনো বেপাৰীৰে নাই ৷ এক কথাত ক’বলৈ গ’লে শিৱসাগৰ আৰক্ষীৰ দুজনমান অৰ্থলোভী বিষয়া-কৰ্মচাৰীৰ বাবে নিতুল-জিতুল বাহিনীৰ লগতে এই ছয় গৰুৰ দালাল হৈ পৰিছে ৰাজমাই – দিচাংমুখ সাপ্তাহিক বজাৰৰ অঘোষিত হৰ্তা-কৰ্তা বিধাতা ৷ আনহাতেদি বজৰং দলে জিলাখনৰ গেমন দলঙৰ সমীপত আজিও এখন গৰুভৰ্তি বাহন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷ বাহন খনত মুঠ পোন্ধৰটা গৰু আছিল ৷ পান জপাদি জাপি নিয়া গৰু খিনি আৰক্ষীয়ে প্ৰথমে জব্দ কৰে যদিও পৰৱৰ্তী সময়ত ৰচিদ-পত্ৰ পৰীক্ষা কৰি পুণৰ সৰবৰাহকাৰী সকলৰ হাততেই গতাই দিয়ে ৷ মন কৰিবলগীয়া যে, আৰক্ষীৰ পৰা সেউজ সংকেত পোৱাৰ পিছত শিৱসাগৰৰ পৰা নগাঁৱলৈ গৰু চালান দিয়াৰ ধূম উঠিছে ৷ কূখ্যাত সুদখোৰে টেটুচেপি সংগ্ৰহ কৰা তিনি কোটি টকা গৰু সৰৱৰাহত বিনিয়োগ কৰাৰ লগতে ছয়খনকৈ বলেৰ পিক আপ গাড়ীও এই কাৰ্য্যত ব্যৱহাৰ কৰিছে ৷প্ৰায় প্ৰতিদিনে নগাওঁ,মৰিগাৱলৈ চালান হৈছে শ শ গৰু ভৰ্তি গাড়ী ৷কেটল পাৰ্মিট নোহোৱা বাহনতো সৰবৰাহ কৰা হৈছে শ শ গৰু ৷ কিন্তু ৰহস্যজনক ভাৱে নিৰ্লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে ৷ স্মৰ্তব্য যে, যি সময়ত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গো- সুৰক্ষা আইনৰ প্ৰতিটো দফা কঠোৰ ভাৱে ৰূপায়নত তৎপৰ হৈছে সেই সময়তেই সদৰ থানাৰ পদূলিতেই পূৱাৰ পৰা গধূলিলৈকে পিতপিতাই থকা এটা মহা ধূৰন্দৰ দালালে আৰক্ষীৰ নাম লৈ গৰু সৰৱৰাহকাৰী চক্ৰৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰাৰ ঘটনাক সহজ ভাৱে লব পৰা নাই ৷সততে শিৱসাগৰ আৰক্ষীৰ কেইজনমান বিষয়াৰ অতি আপোন তথা এটা পৱিত্ৰ বৃত্তিৰ আঁৰ লৈ গৰুৰ চিন্দিকেট চলোৱাৰ অভিযোগত যুৱক জনৰ নাম সাঙুৰ খোৱাৰ পিছতেই চকু কঁপালত উঠিছে সচেতন মহলৰো ৷তেনেস্থলত কূখ্যাত জিতুল- নিতুল বাহিনীৰ সৈতে ২০ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা ২২ ছেপ্টেম্বৰৰ পুৱালৈকে কোনে মবাইল ফোনত সঘন যোগাযোগ কৰিছিল আৰু শিৱসাগৰ আৰক্ষীৰ এগৰাকী কনিষ্ঠ বিষয়াৰ সৈতে কোন গৰুৰ দালালে সঘন ৱাটচ এপ কলিং কৰিছিল সেই সম্পৰ্কত নিখুঁত অনুসন্ধান কৰিলেই স্পষ্ট হব শিৱসাগৰত গৰুৰ মুক্ত সৰৱাৰহৰ আঁৰৰ প্ৰকৃত ৰহস্য ৷ ফাদিল হব অসমৰ আন স্থানত কোনো কাৰণতেই গাড়ীত তুলিব নোৱাৰা শ শ গৰু শিৱসাগৰত কেনেকৈ গো – সুৰক্ষা আইনক ভেঙুচালি কৰি গাড়ীত উঠি নগাঁও-মৰিগাঁও পায়গৈ… ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like