নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত জুৱাৰ বিৰুদ্ধে অভিযানঃ সাংবাদিকৰ কেমেৰা দেখি পলায়ন জুৱাৰীৰ

নিয়মীয়া বাৰ্তা, ২০ মেঃ চিৰাং জিলাৰ বিজনীৰ ২নং ছাতিয়ানগুৰীত স্থানীয় ৰাইজৰ সহযোগত হঠাতে জুৱাৰ বিৰুদ্ধে অভিযান সাংবাদিকৰ ।বহুদিনৰে পৰা স্থানীয় লোকে উক্ত স্থানত জুৱা খেল চলি থকাৰ খবৰ অৱগত কৰাত আজি বিজনীৰ এটা সাংবাদিকৰ দলে অতৰ্কিতে অভিযান চলাই উচ্ছেদ কৰিবলৈ সক্ষম হয় এটা জুৱাৰ ঘাটি। সাংবাদিকৰ কেমেৰা দেখি পলাই পত্ৰং দিয়ে জুৱাৰী সকল। জুৱাৰী সকলে জুৱাৰ ঘাটিটোত তিনিখন মটৰ চাইকেল, দুখন চাইকেল আৰু তাচপাট্টি এৰি পলায়ন কৰে। পিছত ঘটনাস্থলিত বিজনী থানাৰ আৰক্ষী উপস্থিত হৈ দুখন চাইকেল, তাচৰ পাতৰ লগতে AS 26E 4741 নম্বৰৰ এখন পালচাৰ, AS 26B 3826 নম্বৰৰ হোন্ডা স্কুটী , AS 26D 4723 নম্বৰৰ আন এখন স্কুটি জব্দ কৰি বিজনী থানাত লৈ আহে। জানিব পৰা মতে উক্ত স্থানত প্ৰতিদিনে লাখ লাখ টকাৰ জুৱা খেল হোৱাৰ উপৰিও মদৰ আদ্দা বহে। উক্ত স্থানত কেবাটাও মদৰ বটলো উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত স্থানীয় সচেতন লোকে বিজনী প্ৰশাসনক কেবাবাৰো জনোৱাৰ পিছতো প্ৰশাসনে নিৰৱ ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ 

You might also like