নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনৰ ভিতৰত ছিংগাপুৰৰ CCTV ফুটেজ SITৰ হাতলৈ…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পিছত তদন্ত চলাই থকা এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু IPS তৰুণ গোৱেলৰ দ্বাৰা গঠিত দুজনীয়া দল এটা ২০ অক্টোবৰত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হৈছিল। এই সন্দৰ্ভত ছিংগাপুৰৰ পৰা উভতি অহাৰ পাছত আজি এখন সংবাদ মেল সম্বোধন কৰে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। উল্লেখ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় দুজনীয়া দলটো।

সংবাদ মেলত মুন্না প্ৰসাদ গুপ্তাই ছিংগাপুৰত গৈ কৰা তদন্ত সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰে। গুপ্তাই কয়- ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ ৫জনীয়া দলৰ সৈতে অসমৰ পৰা যোৱা ২জনীয়া দলৰ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰে এছ আই টিৰ দলটোৰে। ছিংগাপুৰ আৰক্ষীৰে উক্ত বৈঠক সফল হোৱা বুলি জনায় মুন্না প্ৰসাদ গুপ্তাই।

তদুপৰি সংবাদ মেলত তেওঁ কয়- ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে অৰ্পণ কৰে, যিটো আমাৰ তদন্তৰ কাৰণে অতি দৰকাৰী। সমগ্ৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে আইনী সহায় প্রদান কৰিব বুলিও ইতিবাচক সঁহাৰি প্রদান কৰিছে। তদুপৰি ১০ দিনৰ ভিতৰত ছিংগাপুৰৰ হোটেলৰ CCTV ফুটেজ SIT-এ লাভ কৰিব বুলিও জনায়। লগতে ছিংগাপুৰত ঘটনাত উপস্থিত থকাসকলৰ ভাষ্য ১০ দিনৰ ভিতৰত প্রেৰণৰো ব্যৱস্থা কৰিব ছিংগাপুৰ আৰক্ষীয়ে। ৯০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে নিজা প্রতিবেদন দাখিল কৰিব। পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছ আদালতৰ জৰিয়তে কৰিব ছিংগাপুৰ আৰক্ষীয়ে।

ছিংগাপুৰ আৰক্ষীৰে বৈঠকৰ সমান্তৰালকৈ এছ আই টিৰ দলটোৱে ছিংগাপুৰৰ ঘটনাস্থলীও পৰিদৰ্শন কৰে। এই সমগ্ৰ ছিংগাপুৰ ভ্ৰমণত এছ আই টিৰ দলটোৱে তদন্তত সহায়ক হোৱা বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।

ডিজিটেল ডেস্ক, ২৪ অক্টোবৰ :

You might also like