নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ৫খন টি-২০ মেচৰ সময়সূচী ঘোষণা

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতে এদিনীয়া শৃংখলা ইতিমধ্যে ২-০ত পৰাজয় স্বীকাৰ কৰিছে। এই শৃংখলাত ৰোহিত শর্মাৰ সলনি শুভমন গিলে দলক নেতৃত্ব দিছে

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাৰ অন্তত দুয়োখন দলৰ মাজত আৰম্ভ হ’ব টি-২০ শৃংখলা। ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলা আৰম্ভ হ’ব অহা ২৯ অক্টোবৰত।

ভাৰতৰ টি-২০ দলৰ অধিনায়ক হ’ব সূৰ্যকুমাৰ যাদৱ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ দলত কেইবাজনমানো খেলুৱৈৱে এদিনীয়া শৃংখলা শেষ হোৱাৰ পাছত যোগ দিব। বাকী খেলুৱৈসকলে ইতিমধ্যে কেনবেৰাত উপস্থিত হৈছে।

ভাৰতীয় দলটোঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ-অধিনায়ক), অভিষেক শর্মা, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শর্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু ছেমচন (উইকেটকীপাৰ), ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ।

অষ্ট্ৰেলিয়াৰ দলটোঃ মিচেল মাৰ্শ্ব (অধিনায়ক), ছিন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিদ, বেন ডৱৰ্চিচ, নাথান এলিছ, জছ হেজলউড, ট্রেভিছ হেড, জছ ইংলিছ (উইকেটকীপাৰ), মেথিউ কুহনেমান, মিচেল অৱেন, মেথিউ ছৰ্ট, মাৰ্কাছ ষ্টইনিজ আৰু আডাম জাম্পা।

টি-২০ মেচৰ সময়সূচী

1️⃣ প্ৰথম মেচ – ২৯ অক্টোবৰ, কেনবেৰা
2️⃣ দ্বিতীয় মেচ – ৩১ অক্টোবৰ, মেলবৰ্ণ
3️⃣ তৃতীয় মেচ – ২ নৱেম্বৰ, হ’বাৰ্ট
4️⃣ চতুৰ্থ মেচ – ৬ নৱেম্বৰ, গ’ল্ড কোষ্ট
5️⃣ পঞ্চম মেচ – ৮ নৱেম্বৰ, ব্ৰিছবেন

উল্লেখ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতে এদিনীয়া শৃংখলা ইতিমধ্যে ২-০ত পৰাজয় স্বীকাৰ কৰিছে। এই শৃংখলাত ৰোহিত শর্মাৰ সলনি শুভমন গিলে দলক নেতৃত্ব দিছে। আনহাতে তৃতীয়খন এদিনীয়া মেচ ছিডনীত অনুষ্ঠিত হব ২৫ অক্টোবৰত।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ অক্টোবৰ

You might also like