নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচিলে অসম কন্যা লাভলীনাই

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: অসম কন্যাই পুনৰ ইতিহাস ৰচিলে। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচিলে লাভলীনাই।

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদকজয়ী তথা দেশৰ শ্রেষ্ঠতম ক্রীড়া সন্মান খেলৰত্ন লাভ কৰা অসমকন্যা লাভলীনা বৰগোহাঁয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি স্বর্ণ জয় কৰিলে৷ নতুন দিল্লীত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত ৭৫ কেজি শাখাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হোৱা দুবাৰৰ কমনৱেলথ গেমছৰ পদকজয়ী অষ্ট্রেলিয়াৰ কেটলিন পার্কাৰক হৰুৱাই এই খিতাপ অৰ্জন অসমকন্যাৰ৷

 অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰক ৫-২ পইণ্টত পৰাস্ত কৰি ভাৰতীয় বক্সাৰ লভলীনাই বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে।

উল্লেখ্য যে মহিলা বিশ্ব বক্সিঙত নতুন ওজন শাখাত খেলিছে অসমকন্যা লাভলীনাই৷ ইফালে, লাভলীনাৰ লগতে আজি স্বর্ণ জয় কৰিলে বিশ্ব চেম্পিয়ন নিখাট জাৰিণেও৷ আজি হোৱা ৫০ কেজি শাখাৰ ফাইনেলত নিখাটে দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামক হৰুৱাই এই খিতাপ জয় কৰে৷

You might also like