তিনিচুকীয়াত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্রী-ৰ
মহিলা সবলীকৰণৰ দিশত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লক্ষ্য আৰু দর্শনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রীয়ে ইতিমধ্যে ব্যক্ত কৰিছে যে দেশৰ মহিলাসকলক লাখপতি বাইদেউৰ শাৰীলৈ উন্নীত কৰিব পাৰিলে সমাজলৈ ব্যাপক পৰিৱর্তন আহিব৷
মহিলা সবলীকৰণৰ দিশত ৰাজ্যত সূচনা হোৱা ৰূপান্তৰকাৰী যাত্রা অব্যাহত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ১৪৩০১গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে৷ এই হিতাধিকাৰীসকলৰ ১০৬৫৪গৰাকী তিনিচুকীয়া জিলাৰ গ্রামাঞ্চলৰ আৰু ৩৬৪৭গৰাকী নগৰাঞ্চলৰ৷
তিনিচুকীয়া জিলাৰ কিহুং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সদস্যাৰ সংখ্যা হৈছে ৪০ লাখ৷ তেওঁ কয় যে আত্মসহায়ক গোট গঠনৰ পূর্বে এই মহিলাসকল মূলত ঘৰুৱা কাম–কাজত জডিত আছিল৷ কিন্তু গোটৰ সৈতে জডিত হোৱাৰ পিছৰে পৰা তেওঁলোকে লাহে লাহে ঘৰুৱা কামৰ সমান্তৰালভাৱে পৰিয়ালৰ দায়িত্ব লবলৈ আৰম্ভ কৰে তথা আর্থিক ক্ষেত্রতো সহায় কৰিব পৰা হল৷
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে পূর্বে ৰূপায়ণ কৰা কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে ৪ লাখ মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ ঘূর্ণীয়মান পুঁজি আগবঢ়োৱা হৈছিল৷ পৰৱর্তী পর্যায়ত এই গোটসমূহক বেংকৰ সৈতে যোগাযোগ স্থাপনটো সহায় কৰা হৈছিল৷ বর্তমান এই আত্মসহায়ক গোটসমূহৰ বহুতো সদস্যাই বেংকৰ পৰা ঋণ লবলৈ সক্ষম হৈছে তথা উপার্জনমুখী কামত নিজকে জডিত কৰিব পাৰিছে৷
মহিলা সবলীকৰণৰ দিশত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লক্ষ্য আৰু দর্শনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রীয়ে ইতিমধ্যে ব্যক্ত কৰিছে যে দেশৰ মহিলাসকলক লাখপতি বাইদেউৰ শাৰীলৈ উন্নীত কৰিব পাৰিলে সমাজলৈ ব্যাপক পৰিৱর্তন আহিব৷ অসমৰ ৪০ লাখ মহিলাই যদি ১ লাখ টকাকৈ উপার্জন কৰিব পাৰে তেন্তে আমাৰ ৰাজ্যতো চকুতলগা পৰিৱর্তন হব বুলি ড০ শর্মাই কয়৷
তেওঁ কয় যে প্রধানমন্ত্রীয়ে দেশৰ ৩ কোটি মহিলাক লাখপতি বাইদেউলৈ ৰূপান্তিৰত কৰাৰ লক্ষ্য লৈছে৷ আনহাতে অসমত আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যাৰ ভিতৰত ৮ লাখৰো অধিক মহিলাই ইতিমধ্যে লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে৷ তেওঁলোকে পিঠা–পনা, ভোটজলকীয়া, গামোচা আৰু সাজ–পোচাক আদিৰ ব্যৱসায়ত জড়িত হৈ লাখপতি বাইদেউৰ স্বীকৃতি লাভ কৰিছে৷ ইয়াৰে কিছু মহিলাই ১০ লাখ পর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে৷ অর্থাৎ অসমত বর্তমান লাখপতি আৰু মহা লাখপতি বাইদেউৰ সৃষ্টি হৈছে৷
ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যাৰ প্রত্যেককে লাখপতি বাইদেউৰ শাৰীলৈ লৈ যাবলৈ প্রচেষ্টা চলোৱাৰ লগতে এই দিশত তিনি বছৰীয়া এক পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ লাখপতি বাইদেউ হিচাপে স্বীকৃত হবলৈ উদ্যমিতা পুঁজি ব্যৱহাৰৰ সর্ম্পকে মুখ্যমন্ত্রীয়ে কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলক মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্রদান কৰা ১০ হাজাৰ টকা এক আৰম্ভণীহে মাত্র৷ তেওঁলোকে এই পুঁজি যথাযথভাৱে ব্যৱহাৰ কৰিলে চৰকাৰৰ তৰফৰ পৰা ভৱিষ্যতে আৰু অধিক সুবিধা লাভ কৰিব৷
তেওঁ কয় যে একোটাকৈ আত্মসহায়ক গোটৰ প্রতিগৰাকী সদস্যাই লাভ কৰা পুঁজি যদি একগোট কৰে তেন্তে আত্মসহায়ক গোটটোত ১ লাখ টকা জমা হব৷ গোটৰ পুঁজি টনকিয়াল হলে বেংকৰ পৰা তেওঁলোকে ঋণ লাভ কৰিবলৈও সক্ষম হব৷ অৱশ্যে কোনো আত্মসহায়ক গোটৰ সদস্যাই ব্যক্তিগতভাৱে পুঁজিৰ ব্যৱহাৰ কৰিব বিচাৰিলে সেই ক্ষেত্রত কোনো বাধা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে যদি কোনো সদস্যাৰ স্বামীৰ সৰু–সুৰা ব্যৱসায় আছে সেই ব্যৱসায়তো তেওঁলোকে উদ্যমিতা পুঁজি বিনিয়োগ কৰিব পাৰিব৷
মহিলাসকলে টকাৰ অপব্যৱহাৰ নকৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে সেইবাবে এই উদ্যমিতা পুঁজি মহিলাসকলক প্রদান কৰিছে৷ তেওঁ কয় যে অহা চাৰি–পাঁচ মাহৰ পাছতে এই পুঁজিৰ বিনিয়োগৰ মূল্যাঙ্কন কৰা হব৷ যিসকল আত্মসহায়ক গোটৰ সদস্যাই উদ্যমিতা পুঁজি ভালদৰে ব্যৱহাৰ কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰ টকাকৈ লাভ কৰিব৷ আনহাতে, যিসকল সদস্যাই ২৫ হাজাৰ টকাৰ উচিত ব্যৱহাৰ কৰিব তৃতীয় বর্ষত তেওঁলোকক ৫০ হাজাৰকৈ টকা প্রদান কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি প্রদানৰ বাবদ ৰাজ্য চৰকাৰৰ ৪ হাজাৰ কোটি টকা ব্যয় হোৱাৰ লগতে ২৫ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি প্রদানৰ বাবদ ১০ হাজাৰ ৫০০ কোটি টকা খৰচ হব৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ দলে কৈ অহাৰ বিপৰীতে ৰাজ্যৰ মহিলাসকলক কথা দিয়া মতে অসম চৰকাৰে এই অভিযানৰ অধীনত উদ্যমিতা পুঁজি প্রদান কৰিলে৷ তেওঁ কয় যে কংগ্রেছ চৰকাৰে জনসাধাৰণক লুঙি, ধুতি, কম্বল আৰু সুতা দিছিল, কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে ৰেচন কার্ড থকা সকলোকে বিনামূলীয়া চাউল আৰু পাঁচ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা দিছে৷ তদুপৰি কলেজত নামভর্তি বিনামূলীয়া কৰা হৈছে, শিক্ষার্থীক বাইচাইকেল প্রদান কৰা হৈছে, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্রীক যাতায়াতৰ বাবে ১২০০ ৰ পৰা ২৪০০ টকাকৈ পুঁজি দিয়া হৈছে৷
সেইদৰে, এখন ঘৰ যাতে নিয়াৰিকৈ চলিব পাৰে তাৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত ১২৫০ টকাকৈ প্রদান কৰা হৈছে আৰু এতিয়া ব্যৱসায় কৰাৰ বাবে ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিও আগবেোৱা হৈছে৷ অহা ১ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালসমূহে চাউলৰ লগতে দাইল, নিমখ আৰু চেনি ৰেচনৰ দোকানত সুলভ মূল্যত লাভ কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে চৰকাৰে গ্রহণ কৰা আঁচনিবোৰ সফল কৰাত জনসাধাৰণক সহায় সহযোগিতা আগববাই যাবলৈ আহ্বান জনায়৷
উল্লেখ্যযোগ্য যে আজি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত তিনিচুকীয়া বিধানসভা সমষ্টিয়ে ১৪.৩০ কোটিৰো অধিক টকা লাভ কৰিলে৷ এহ অভিযানখনৰ জৰিয়তে ৰাজ্য চৰকাৰে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্রমুখ্য কৰি আন বিভিন্ন ক্ষেত্রত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁওকেন্দ্রিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্রসাৰ ঘটাবলৈ লক্ষ্য লৈছে৷ তিনিচুকীয়া সমষ্টিৰ গ্রামাঞ্চলৰ ১০৬৫৪ গৰাকী হিতাধিকাৰীৰ ভিতৰত ওচৰা–ওচৰিকৈ থকা গাওঁ পঞ্চায়তসমূহত বসবাস কৰা ৬০ শতাংশ মহিলাই একেধৰণৰ কাম–কাজৰ বাবে আবেদন জনাইছে৷
এই ক্ষেত্রত দেখা যায় যে কুকুৰা পালনৰ বাবে ১৭৭১ গৰাকী মহিলাই আবেদন কৰিছে আৰু ইয়াৰ বাবে ১.৭৭ কোটিৰো অধিক টকা ব্যয় হব৷ ছাগলী পালনৰ ক্ষেত্রত সমষ্টিটোৰ ১৫৫৯গৰাকী মহিলাই আবেদন কৰিছে আৰু এইক্ষেত্রত সমষ্টিটোৱে ১.৫৫ কোটিৰো অধিক টকা লাভ কৰিছে৷
গাহৰি পালনৰ ক্ষেত্রত সমষ্টিটোৰ ১১৩০ গৰাকী মহিলাহ আবেদন কৰিছে আৰু এইক্ষেত্রত সমষ্টিটোৱে ১.১৩ কোটি টকা লাভ কৰিছে৷ মুর্গী পালনৰ বাবে ১০৮৭ গৰাকী মহিলাই ১.০৮ কোটিৰো অধিক টকা বিনিয়োগ কৰিব৷ একেদৰে, হাঁহপালনৰ বাবে ৮৫৬ গৰাকী মহিলাই আবেদন কৰিছে আৰু তাৰ বাবে তেওঁলোকে ৮৫ লাখৰো অধিক টকাৰ পুঁজি লাভ কৰিছে৷
অনুষ্ঠানত মন্ত্রী বিমল বড়া আৰু ৰূপেশ গোৱালা, বিধায়ক ক্রমে সঞ্জয় কিষাণ, সুৰেন ফুকন, ভাস্কৰ শর্মা, তেৰচ গোৱালা, জিলা আযুক্ত স্বপ্নিল পাল, অসম ৰাজ্যিক জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শর্মা বৰদলৈৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷