কাইলৈ কটন-ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, ১৬ পদৰ বিপৰীতে ৩৪ প্ৰাৰ্থী
কাইলৈ অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে স্থগিত ৰখা এই নিৰ্বাচনৰ অংশ হিচাপে আজি মুকলি বিতৰ্ক অনুষ্ঠিত হৈ যায়। এইবাৰৰ নিৰ্বাচনত মুঠ ১৬টা পদৰ বিপৰীতে ৩৪গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
এই নিৰ্বাচনত সভাপতি পদত দেৱাশীষ বৰ্মন, দীপশেখৰ কলিতা আৰু ময়ূৰ গোপেন্দ্ৰ দাসে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
উপ-সভাপতি পদত ভাগ্যশ্ৰী বৰা আৰু তুজা ব্ৰক্ষ্মই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
সাধাৰণ সম্পাদক পদত বিশাল বিশ্ব ডেকা, কীৰ্তিময় কাশ্যপ আৰু পাৰভিজ জামানে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
সহকাৰী সাধাৰণ সম্পাদক পদত মেৰিয়ন বৰপাত্ৰগোহাঁই আৰু ময়ূৰী বৰাই প্ৰাৰ্থিত্ব আগবঢ়াইছে।
সম্পাদক কটনিয়ান পদৰ বাবে এঞ্জেলিনা দাস, দীপাংকৰ শৰণীয়া আৰু মাহিৰা শইকীয়াই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে সাধনা শ্ৰেষ্ঠ আৰু শ্ৰুতি চেতিয়াই।
তৰ্ক আৰু আলোচনা চক্ৰ বিভাগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অভীপ্সা কলিতা আৰু দীপম সাহাই।
সমাজসেৱা সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে কৌস্তভ বৰদলৈ আৰু নিশান্ত ভৰদ্বাজে।
সংগীত বিভাগৰ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে জ্ঞানদীপ তামুলী, কিংকৰ বৈশ্য আৰু মহত্বকাংক্ষা কাশ্যপে।
সাংস্কৃতিক সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ভায়োলিনা বড়ো, নন্দিনী কাশ্যপ আৰু পৰিনন্ধী জিমা চুলতানাই।
এথলেটিক্স সম্পাদক পদত প্ৰতিদ্বন্দিতা কৰিছে লিজা ৰহমান আৰু নিবিড় মুহূৰ্ত বৰাই।
ক্ৰিকেট সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে আৰ্যব্ৰত কাশ্যপ আৰু বিশাল বৈশ্যই।
টেনিছ, সাঁতোৰ আৰু জিমনেজিয়াম সম্পাদক পদত প্ৰতিদ্বন্দিতা কৰিছে মৃণ্ময় বড়ো আৰু ৰাজাবাবু ৰায়ে।
উল্লেখযোগ্য যে ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত পৱিত্ৰ বড়ো, ফুটবল আৰু হকী বিভাগৰ সম্পাদক পদত দীপ কামান আৰু লঘূ ক্ৰীড়া বিভাগৰ সম্পাদক পদত ধনজিতা ৰামচিয়াৰী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ