নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

নাৰীশক্তি সবলীকৰণৰ বাবে মূল পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আজি অনুষ্ঠিত হয় হোজাইত৷

আজি হোজাইত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি হোজাই বিধানসভা সমষ্টিৰ ৩১,৯১০গৰাকী আইমাতৃ-ভনীক প্ৰাৰম্ভণি মূলধনৰ চেক বিতৰণৰ শুভাৰম্ভণি কৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প-হস্তশিল্প আদিকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বিতাৰে মহিলা উদ্যমীসকল উপকৃত হ’ব।

Niyomiya Barta Desk, 2 September

You might also like