নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু, গৰৈমাৰীত অঘটন

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী সত্ৰ গাঁৱত আজি দুপৰীয়া বিদ্যুৎস্পৃষ্ট হৈ সঞ্জীত মণ্ডল নামৰ যুৱক এজনৰ কৰুণভাৱে মৃত্যু হয়৷

জানিব পৰা মতে গৰৈমাৰী সত্ৰ গাঁও নিবাসী সুনীল মণ্ডলৰ পুত্ৰ সঞ্জীত মণ্ডল (৩৫) আজি দুপৰীয়া নিজগৃহৰ চিলিং ফেনত বিদ্যুৎ সংযোগ দিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয়৷ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত যুৱকজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি যায় তেওঁ৷ সঞ্জীত মণ্ডলৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ২ ছেপ্টেম্বৰ

You might also like