আজি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত হল ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেটৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেবিনেটৰ লোৱা সিদ্ধান্তৰ সদৰী কৰে।
আজি কেবিনেট বৈঠকতে মুখ্যমন্ত্রী ড০ শৰ্মাই মুকলি কৰে ‘শ্রদ্ধাঞ্জলি আঁচনি’। এই আঁচনিৰ জৰিয়তে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ নশ্বৰদেহ সন্মানসহকাৰে স্বগৃহলৈ ঘূৰাই আনিব। পিছে আৰ্থিকভাৱে সবল লোকৰ ক্ষেত্রত এই আঁচনি প্রযোজ্য নহ’ব। লগতে বাহিৰত চিকিৎসা কৰি মৃত্যু হোৱা লোকৰ ক্ষেত্রতো এই আঁচনি প্রযোজ্য নহ’ব। এই আঁচনিৰ সুবিধাৰ বাবে মুখ্য সচিব অথবা মুখ্যমন্ত্রীৰ কাৰ্যালয়ত খবৰ কৰিব পাৰিব। আনহাতে সেৱা সেতু পৰ্টেলযোগেও যোগাযোগ কৰি নশ্বৰদেহ আনিব পাৰিব। লগতে দুৰ্ঘটনা বা হত্যাৰ বলি হ’লে যি আইনগত সহায় লাগে অসম আৰক্ষীয়ে কৰিব। প্রয়োজন হলে ৰাজ্যৰ বাহিৰলৈ জোৱানসকলে গৈ সহায় কৰিব।
আন এক সিদ্ধান্ত অনুসৰি তামিলনাডুত মৃত্যু হোৱা ৯ শ্রমিকৰ মৃতদেহ ঘূৰাই অনা হৈছে। লগতে নিহতসকলৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
ইফালে ইণ্ডাষ্ট্রী 4.Oৰ বাবে প্রশিক্ষণৰ ক্ষেত্রত আগৰ ১৬০০০ টকাৰ পৰা ১২০০০ টকালৈ হ্রাস কৰা হৈছে।
কেবিনেট-ৰ আন এক সিদ্ধান্ত অনুসৰি বৰাক উপত্যকাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে। সেই অনুসৰি শিলচৰত এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। এই নিৰ্মাণত ৫৬৪ কোটি টকা ব্যয় হব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।
আনহাতে গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱন নিৰ্মাণৰ বাবে ২২০০ কোটি টকাৰ প্ৰকল্পত অনুমোদন ৰাজ্যিক কেবিনেটৰ। সেই অনুসৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে মুঠ ৪,২৫৭ কোটি টকাৰ প্ৰকল্পতো অনুমোদন জনাইছে কেবিনেটে। সংবাদ মেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
ইফালে বাহিৰত কাম কৰি থকা অসমৰ লোকৰ বাবে সুখবৰ। সেই অনুসৰি অসমৰ মেডিকেল কলেজত এতিয়াৰে পৰা পঢ়িব পাৰিব তেওঁলোকৰ সন্তানে। অৰুণাচল প্রদেশৰ মৰাণ জনগোষ্ঠীৰ লোকৰ সন্তানেও অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। তেওঁলোকে লাভ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ। বিনামূলীয়া নামভৰ্তিৰ বাবে স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ক ১২৬ কোটি টকা প্রদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে কাইলৈৰ পৰা ৰাজ্যৰ ৩০ লাখ লোকক প্রদান কৰিব অৰুণোদয় আঁচনি। বেংক সখী জীৱিকা সখীকো প্রদান কৰিব অৰুণোদয় আঁচনি।
আন কেইবাটাও সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ইউনিফাইড পেঞ্চন স্কীম প্রদান। কৰ্মচাৰীয়ে এবছৰৰ ভিতৰত সিদ্ধান্ত ল’ব পাৰিব NPS ল’ব নে UPS। ধুবুৰী আৰু দক্ষিণ শালমৰাত কাম কৰি থকা শিক্ষয়িত্ৰীলৈ কেবিনেটে দিলে ভাল খবৰ। সেই অনুসৰি ৫ বছৰ ধৰি কাম কৰি থকা শিক্ষয়িত্রীক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। আনহাতে সৰ্বশিক্ষাত ৩ বছৰ ধৰি চাকৰি কৰাসকলক চৰকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ