নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : অগ্রগতিৰ পেৰাডক্স

ড০ পার্থসাৰথি মহন্ত

ভৱিষ্যৎ প্রচণ্ড দ্রুত, বর্তমানতকৈও, আমিহে লেহেমীয়া৷ আজি অনেকে মনতে কঢ়িয়াই লৈ ফুৰিছে এই অদ্ভুত অনুভৱ, এইটো এনে এক অনুভূতি যে পৃথিৱীখন অবিশ্বাস্য গতিত ত্বৰান্বিত হৈছে৷ আনহাতে আমাৰ ভিতৰৰ কিবা এটা যেন কেলঢ়েপিয়াই আছে৷ প্রযুক্তি দৌৰিছে৷ ধাৰণাবোৰ বহুগুণে বৃদ্ধি পাইছে৷ সংযোগ প্রসাৰিত হৈছে৷ তথাপিও আমাৰ আৱেগিক চঞ্চলতা, মানসিক স্পষ্টতা আৰু আভ্যন্তৰীণ স্থিৰতাই যেন গতি মিলাই চলিব পৰা নাই৷ এয়াই অগ্রগতিৰ পেৰাডক্স৷ আমি আগবাঢ়িছোঁ, কিন্তু বিৱর্তন হৈছেনে?

আজি অভাৱনীয়ভাৱে উভৈনদী–কৃত্রিম বুদ্ধিমত্তা, তাৎক্ষণিক যোগাযোগ, সীমাহীন তথ্য– তথাপিও কতই নীৰৱে ভাবে– আমি ভাল মানুহ হৈ আছোঁ নে এটা ভাল মেচিন হৈ গ’লোঁ?

আমি বাৰু তাৎক্ষণিকভাৱে উপলব্ধ তথ্যক জ্ঞান বুলি এক ভ্রমত আছোঁ নেকি মানৱ ইতিহাসৰ বেছিভাগ সময়েই জ্ঞানে সময় বিচাৰিছিল– জ্ঞান উপলব্ধি কৰাৰ উপৰি আহৰণ কৰিবলৈও৷ কোনোবাই যদি জ্যোতির্বিজ্ঞান শিকিব বিচাৰিছিল, আকাশৰ তলত ৰাতি কটাইছিল৷ দর্শন বুজিবলৈ উত্তৰ দিয়াতকৈ প্রশ্ন বেছি সুধিছিল৷ জ্ঞান গঢ় লৈ উঠিছিল লাহে লাহে–কৌতূহল, ধৈর্য, ঘর্ষণ আৰু কর্ষণৰ জৰিয়তে৷

আজি কেইছেকেণ্ডমানৰ ভিতৰতে জ্ঞান লাভৰ বাবে প্রয়োজনীয় সকলো তথ্য–সমল উপলব্ধ৷ কিতাপ–তথ্য–প্রবন্ধ সকলো চকুৰ পচাৰতে সমুখত৷ বিভ্রান্তি নাই, বিশ্লেষণৰ প্রয়োজন নাই, নিষ্পত্তি নিষ্প্রয়োজন–সকলো ব্যাখ্যা ইতিমধ্যেই আছে ইণ্টাৰনেটত৷ প্রশ্নৰ আগতেই উত্তৰ৷ কিন্তু আমি অর্জা নহয়৷ আৰু সেইটোৱেই সলনি কৰি দিয়ে আমাৰ মৌলিক চৰিত্র৷ কাৰণ সহজলভ্য হোৱাৰ লগে লগে তথ্য হৈ পৰে মূল্যহীন, গুৰুত্বহীন৷ সহজেই শিকিব পাৰি বুলি ভবাৰ লগে লগে আমি বুজিবলৈ চেষ্টা নকৰা হওঁ৷ বুজি নোপোৱা তথ্যৰে আমি উপলব্ধি কৰিব নোৱাৰোঁ৷ আমি হৈ পৰোঁ একো একোটা তথ্যচালিত, জ্ঞানৰহিত ৰবট৷

কিতাপখনতকৈ আমি সাৰাংশ বেছি ভালপোৱা হওঁ৷ আমি জ্ঞান গ্রহণ কৰোঁ দ্রুতভাৱে, দক্ষতাৰে, কিন্তু পুষ্টি অবিহনে৷

মানুহৰ অগ্রগতিত পতন হৈছে দূৰত্বৰ৷ ভূগোলৰ পৰা মনোবিজ্ঞানলৈকে সকলোতে দূৰত্বৰ পতন হৈছে৷ এক ছেকেণ্ডতকৈও কম সময়ত এটা বার্তা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰ পায়৷ ভিডি’ কলেৰে মুখামুখিকৈ কথা পাতিব পাৰি৷ সংস্কৃতিৰ মিলন হৈছে, ভাষাৰ মিশ্রণ হৈছে, সীমা বিলীন হৈ গৈছে৷ ভৌগোলিক দূৰত্বৰ পতনে প্রত্যক্ষভাৱে ক্রিয়া কৰি মানুহৰ মানসিক আৰু আৱেগিক দূৰত্বত৷ যুদ্ধ, দুর্যোগ, ৰাজনীতিৰ ট্রেজেডী–কমেডী, বাস্তৱৰ নিষ্ঠুৰতাক আমি প্রতিদিনে দেখিবলৈ পোৱা হ’লোঁ বাস্তৱ সময়ত৷ এসময়ত স্থানীয় হৈ থকা ঘটনা–পৰিঘটনাবোৰ্ এতিয়া বিশ্বব্যাপী আৱেগিক বোজা হৈ পৰিছে৷ অতদিনে গাঁও, জিলা বা ৰাজ্য এখনৰ লগত টিউন হৈ থকা আমাৰ স্নায়ুতন্ত্রই এতিয়া সমগ্র পৃথিৱীৰ উদ্বেগ–আশংকাক মোকাবিলা কৰিব লগা হৈছে৷ অহৰহ চলি থকা এই ক্রিয়া–প্রতিক্রিয়াই এক আভ্যন্তৰীণ উত্তেজনাৰ সৃষ্টি কৰে৷ একো কৰিব নোৱাৰোঁ বুলি জানিও আমি দায়বদ্ধ অনুভৱ কৰোঁ৷ আমি একো সলনি কৰিব নোৱাৰোঁ, তথাপিও আমি গুৰুত্ব দিওঁ৷ গুৰুত্ব দিওঁ সলনি কৰিব নোৱাৰি আমি শক্তিহীন অনুভৱ কৰিবলৈ লওঁ৷ এই নীৰৱ শক্তিহীনতাত আমি ক্লান্ত হৈ পৰোঁ, আমি ভাগৰি পৰোঁ৷ আমি তুলনা কৰিবলৈ আৰম্ভ কৰোঁ– সকলোতে, সকলো সময়তে৷ বিংশ শতিকালৈকে মানুহে নিজকে প্রতিৱেশী, পৰিয়াল আৰু সহকর্মীৰ লগত তুলনা কৰিছিল৷ আজি আমি নিজকে লাখ লাখ মানুহৰ সৈতে তুলনা কৰোঁ৷ তেওঁলোকৰ কাম–কাজ, সুখ–দুখ, কৃতিত্ব–আনন্দ আমি অনলাইনত চাই থাকোঁ৷ এই সকলোবোৰ কিউৰেট কৰা, তথাপিও আমি নিজকে তুলনা কৰোঁ৷ পৰিণতি পিছে গভীৰ৷ কাৰণ আনৰ জীৱনৰ কিউৰেট কৰা প্রতিচ্ছবি আৰু নিজৰ আচল জীৱনৰ তুলনাত উৎকৃষ্টতা সাধাৰণ, সফলতা অপর্যাপ্ত, অগ্রগতি লেহেমীয়া আৰু পৰিচয় অস্থিৰ যেন বোধ হয়৷ সমাজ, বিজ্ঞান আৰু প্রযুক্তিৰ অগ্রগতিয়ে আমাক সুযোগ অপৰিসীমা আনি দিছে, লগতে কিন্তু অপর্যাপ্ত অনুভৱ কৰাৰ কাৰণো হৈ পৰিছে অধিক৷

আমি ক্রমাৎ সোমাই পৰিছোঁ আকর্ষণৰ অর্থনীতিৰ জালত৷ মায়াজালৰ দৰেই এখন জাল৷ কেইবছৰমান আগলৈকে মনোযোগ আকর্ষণ এটা মানসিক কার্য আছিল৷ এতিয়া ই এটা মুদ্রা–ডিজিটেল যুগৰ আটাইতকৈ মূল্যৱান সম্পদ৷ ইণ্টাৰনেটত আমি ব্যৱহাৰ কৰা প্লেটফর্মবোৰৰ কামেই হ’ল আমাৰ মনোযোগ আকর্ষণ কৰা৷ তেনে প্রযুক্তিগত কৌশলেই ব্যৱহাৰ কৰা হয়৷ আমালৈ অহা ন’টিফিকেচনবোৰো আৱেগিক ট্রিগাৰ হিচাপে তৈয়াৰ কৰা হয়৷ এইবোৰ যেন আমাৰ কাৰণে অতি জৰুৰী৷ বিষয়টোৰ বা বিষয়বস্তুত গভীৰতা নাথাকে, কিন্তু আপোনাক–মোক ধৰি ৰাখিব খোজে, ৰাখেও৷ প্রতিহত কৰাৰ উপায় হ’ল মনে মনে থকা৷ মনোযোগ য’ত বিলাসিতা, মৌনতাই তাত বিদ্রোহ৷ আৰু আমি হেৰুৱাই পেলাও এটা সূক্ষ্ম অভিজ্ঞতা–ধাৰণা এটাৰ লগত নিৰলে সময় কটোৱা৷

তথাপিও যেন আমনি নলগা হ’ল৷ মানুহ আজিকালি আগৰ নিচিনাকৈ ব’ৰ নহয়৷ আচলতে ব’ৰ হ’বলৈ সুবিধাই নোপোৱা হ’ল৷ আমনিদায়ক ঠাই কমি গ’ল৷ বিৰক্তিৰ নিজা উর্বৰতা আছিল৷ এই সময়খিনি নতুন চিন্তা, পুৰণি চিন্তাৰ নতুন বিশ্লেষণ, নতুন ধাৰণা, সপোন দেখাৰ অৱকাশ আছিল৷ ব’ৰডম আজিকালি টিলিকতে নাইকিয়া হয়৷ ম’বাইল ফোনটোতScroll কৰিলেই হ’ল৷ ছেকেণ্ডতে মনে বিচৰা সংযোগ–ক্লিপ, মিম, মেছেজ সকলো৷ কিন্তু বিৰক্তি আঁতৰি যোৱাৰ লগে লগে আমাৰ জীৱনৰ পৰা যেন নাইকিয়া হৈ গৈছে কল্পনাশক্তি, প্রতিফলন আৰু অন্তর্দৃষ্টি সৃষ্টি কৰা অৱচেতন প্রতিক্রিয়াৰ, যতি পৰিছে সৃষ্টিশীলতাত৷ সৃষ্টিশীলতাক নিজা ঠাই লাগে, বিৰক্তি দূৰ কৰা এই উত্তেজনাবোৰ নহয়৷

স্মৃতিৰো আনকি বাহ্যিকীকৰণ হৈ গ’ল৷ এসময়ত স্মৃতি আছিল এক মানসিক সম্পদ৷ মানুহে কবিতা, ইতিহাস, কাহিনী, অনুষ্ঠান মনত ৰাখিছিল, পেলাইছিল৷ স্মৃতি আৰু স্মৃতিশক্তিয়ে চৰিত্র গঢ় দিছিল৷ আজি স্মৃতিশক্তি মনৰ বাহিৰত৷ ডিভাইচ আৰু ক্লাউডত৷ মনত ৰখাৰ পৰিৱর্তে আমি উদ্ধাৰ কৰোঁ৷ ‘এইটো মনত থাকি যাব’ বুলি আমি নভবা হ’লোঁ আমি ভাবোঁ–‘প্রয়োজনত বিচাৰি পামনে?’ এই পৰিৱর্তনৰ লগে লগে ম্লান পৰিছে অতীতৰ শিক্ষণ আৰু বর্তমানৰ মাজত ধাৰাবাহিকতা৷ সলনি হৈ গৈছে চিন্তাৰ স্থাপত্য৷ আমি এতিয়া জ্ঞান অন্বেষী নহয়, আমি এতিয়া প্রয়োজনত তথ্য সন্ধানী৷

আধুনিক জীৱনে গতি, উৎপাদনশীলতা, ফলাফল আৰু ফলাফলৰ ধাৰাবাহিকতাক উদ্যাপন কৰে৷ কাম কিমান দ্রুতভাৱে কৰিব পৰা যায় তাৰ বিচাৰ কৰা হয়৷ প্রকৃত বুদ্ধিমত্তাই কিন্তু প্রশ্ণ উত্থাপন কৰে– আচলতে কি কৰিব লাগে? খৰখেদা কৰিম নে ধৈর্যসহকাৰে কৰিম? কেৱল বর্তমানৰ উপযোগিতাই গুৰুত্বপূর্ণনে? কৃত্রিম বুদ্ধিমত্তাৰ গতিৰ বিপৰীতে প্রকৃত বুদ্ধিমত্তাৰ এই প্রশ্ণবোৰ এই কাৰণেই গুৰুত্বপূর্ণ যে ইয়াৰ উত্তৰবোৰেহে জীৱন অর্থপূর্ণ কৰি তোলে৷

নহ’লে আজি কেৱল প্রযুক্তিৰ পিছতেই দৌৰি থাকিম৷ আপডেটৰ জৰিয়তে প্রযুক্তিৰ বিকাশ ঘটে৷ অভিজ্ঞতাৰ জৰিয়তে মানুহৰ বিকাশ ঘটে৷ প্রগতি আমাৰ বাহিৰত দ্রুতগতিত ঘটে, কিন্তু আমাৰ ভিতৰত লাহে লাহে৷ এই পার্থক্যই অস্বস্তিৰ সৃষ্টি কৰে৷ আমি আৱেগিক সংযোগৰ বাবে সৃষ্ট, এলগৰিডমে কৰিব বিচৰা ঘনিষ্ঠতাৰ বাবে নহয়৷ মেচিনে নিমিষতে সঁহাৰি জনায়, কিন্তু মানুহ হিচাপে অনুভৱ কৰিবলৈ সময়ৰ প্রয়োজন৷ আমি অটো ৰিপ্লাই কৰোঁ, কিন্তু আৱেগিক সংযোগ নাপাই উদ্বিগ্ণ হৈ পৰোঁ৷

এই দ্রুত পৃথিৱীখনত লেহেমীয়া হৈ থকা সম্ভৱনে? এই ভয়ংকৰ স্পীডৰ মাজত মানুহ মানুহ লগা মানুহটো পুনৰ আৱিষ্কাৰ কৰা সম্ভৱনে? পৃথিৱীখনে যদি গতি বৃদ্ধি কৰি গৈ থাকে, আমিওটো সেই গতিতেই যাত্রা নকৰাকৈ থাকিব পাৰিম জানো?

প্রগতিৰ পৰা পলাই ফুৰাটোতো অগ্রগতিৰ পথ হ’ব নোৱাৰে৷ বৰঞ্চ প্রগতি আৰু আমাক মানুহ কৰি ৰখা কথাবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব লাগিব৷ যন্ত্রই আমাক স্পীড দিয়ে, আভ্যন্তৰীণ বিকাৰ নহয়৷ প্রজ্ঞা ধীৰ৷ অন্তর্দৃষ্টিয়ে নীৰৱে আকৃতি লয়৷ পৰিচয়ৰ বাবে সময়ৰ প্রয়োজন৷ সেই কাম মেচিনে কৰিব নোৱাৰে৷

প্রতিফলনৰ দ্বাৰা পৰিচালিত প্রগতিয়েহে বিৱর্তন আনে৷ দ্রুত আৰু কার্যক্ষম হোৱা মানে আমি বুদ্ধিমান– জ্ঞানী নহ’ব পাৰোঁ– আমি জানো, কিন্তু চিন্তাশীল নহ’ব পাৰোঁ৷ আমাক এনে এটা ভৱিষ্যৎ লাগে য’ত প্রযুক্তিয়ে মানুহৰ গভীৰতা বৃদ্ধি কৰে, মানুহৰ ঠাই নলয়৷ আমাক এনে এটা ভৱিষ্যৎ লাগে য’ত গতিয়ে নিস্তব্ধতাৰ সৈতে সহাৱস্থান কৰে৷ তথ্যৰ সুবিধাই আমাক অহংকাৰী নহয়, নম্র কৰি তুলিব লাগিব৷ বুদ্ধিমত্তাক আমি কিমান জানো নহয়– কিমান গভীৰভাৱে বুজো তাৰ দ্বাৰাহে জুখিব লাগিব৷

আমি মানৱ ইতিহাসৰ এক চিত্তাকর্ষক সময়ত আছোঁ– এনে এক সময় য’ত আমি মানুহ হোৱাৰ অর্থ কি পুনৰ আলোচনা কৰিছোঁ৷ এই আলোচনাটো অন্ততঃ কৃত্রিম বুদ্ধিমত্তাৰ সহায় নোলোৱাকৈ কৰিব পাৰোঁ নেকি।

You might also like