নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী মৰিগাঁৱৰ দিলদাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱত এগৰাকী ১২ বছৰীয়া কিশোৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হল এজন ২০ বছৰীয়া যুৱক। উল্লেখ্য যে, যোৱা ৩০ মে’ত ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিপাৰা জংঘল গাঁৱৰ ১২ বছৰীয়া কিশোৰী নিৰুদ্দেশ হৈছিল। কিশোৰগৰাকীৰ পৰিয়ালে বিচাৰ খোচাৰ কৰি কিশোৰী গৰাকীৰ মাতৃয়ে ভূৰাগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ভূৰাগাঁও আৰক্ষীৰ বিশেষ তৎপৰতাত এজাহাৰ দাখিলৰ দিনাই অৰ্থাৎ কালি জৰিবৰ গাঁৱৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক জন জৰিবৰ গাঁৱৰ দিলদাৰ হুছেইন। ভূৰাগাঁও আৰক্ষীয়ে জনোৱা মতে যুৱক জনে কিশোৰী গৰাকীক কেৰেলালৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ভূৰাগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবে ৰক্ষা পৰিল এটি ফুল কুমলীয়া কিশোৰীৰ। ভূৰাগাঁও আৰক্ষীয়ে ৬৭/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৩/৩৬৮ ধাৰাত গোচৰ পঞ্জীয়ন কৰি দিলদাৰ হুছেইনক আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক আবুল কালাম

You might also like