নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহে সন্ধানহীন বকোৰ বোৱাৰী ছমইনা ৰাভা : স্বামীগৃহত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত হালধিপাৰা গাঁৱৰ এগৰাকী বোৱাৰী বিগত যোৱা ১০ মে’ৰ পৰা সন্ধানহীন হৈ আছে। এই ক্ষেত্ৰত সন্ধানহীন মহিলা গৰাকীৰ স্বামী দিগন্ত ৰাভাৰ গৃহত হাহাকাৰ লাগিছে। ইফালে দিগন্ত ৰাভাৰ পত্নী ছমইনা ৰাভা সন্ধান হীন হোৱাৰ পিছত মহিলাগৰাকীৰ পিতৃ গৃহ বঙাইগাঁও জিলাৰ দাংতল অঞ্চলৰ কিনাপুৰ গাঁৱৰ গৃহত বিচাৰ খোচৰ কৰাৰ লগতে মহিলাগৰাকীৰ পৰিয়ালৰ আত্মীয় স্বজনৰ গৃহত যোগাযোগ কৰা হৈছে। তৎস্বত্তেও কোনো সম্ভেদ পোৱা নাই। ইফালে ছমইনা ৰাভা নিৰুদ্দেশ হোৱা খৱৰ এজাহাৰৰ জৰিয়তে বকো থানাত অৱগত কৰিছে যদিও আৰক্ষীয়ে কোনো অগ্ৰগতি লাভ কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে দিগন্ত ৰাভাৰ পৰিয়ালে। এইক্ষেত্ৰত আৰক্ষীৰ লোকে নৰম পন্থা লৈছে বুলি জানিব দিয়ে দিগন্ত ৰাভাই। ইফালে আজি ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ক্ষোভ আৰু দুখেৰে প্ৰকাশ কৰে যে ছমইনা ৰাভাই সেই দিনা বঙাইগাঁৱৰ দাংতলৰ গাওঁত বিয়া খাৱলৈ ওলাই গৈছিল আৰু আজিলে নিৰুদ্দেশ হৈ থাকিল। লগত থকা মোৱাইল ফোনটোৰো ছুইচ অফ হৈ আছে। সেয়ে মহিলাগৰাকীক সন্ধান পাৱলৈ আজি সংবাদ মাধ্যমৰ জৰিয়তে দিগন্ত ৰাভাই ফটো আৰু মোৱাইল ফোন নম্বৰ ৰাজহুৱা কৰে। কোনোবাই সম্ভেদ পালে তলৰ ঠিকনা অথবা ফোন নম্বৰ ৭৮৯৬৮–৩৬০৮৩ আৰু ৯৩৯৫২–৬৫৪১৭ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like