নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত ট্রাকত শ্রমিক কঢ়িওৱা ছুম’ৰ খুন্দাঃ শিশু–মহিলাসহ নিহত ৪

ঢ়েকীয়াজুলিৰ ৰবৰতলাত মাজনিশা শোকাৱহ পথ দুর্ঘটনা

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  জীৱিকাৰ তাড়নাত ধুবুৰীৰ পৰা যোৰহাট অভিমুখী ইটাভাতাৰ শ্রমিকৰ দল এটা কালি মাজনিশা শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ ৰবৰতলাত এক শোকাৱহ দুর্ঘটনাত পতিত হয়৷ শ্রমিকৰ দলটোক কঢ়িয়াই নিয়া এ এছ–১৭ ডি–৭৫৮৩ নম্বৰৰ টাটা ছুম’খনে ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে একে দিশত গৈ থকা এন এল–০১ কে–১৮২৩ নম্বৰৰ ট্রাকখনৰ পিছফালে প্রচণ্ড জোৰেৰে খুন্দা মাৰে৷ ফলত চালকসহ ছুম’খনত থকা ১২গৰাকী লোকেই গুৰুতৰভাৱে আহত হয়৷ নিশাৰ ভাগতেই ঢ়েকীয়াজুলি থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণৰ ব্যৱস্থা কৰে৷ কিন্তু চিকিৎসালয়লৈ নিয়া অৱস্থাতেই শিশু–মহিলাসহ চাৰিগৰাকীয়ে কৰুণ মৃত্যুক সাবটি লয়৷ শোকাৱহ পথ দুর্ঘটনাটোত নিহতসকল হৈছে– আব্দুল আজিজ খাঁ, বাবুল আলী, খুদেজা বিবি আৰু আৰিফুল হক৷ ইয়াৰে আৰিফুল হকৰ বয়স মাত্র দুবছৰ দুমাহ বুলি জানিব পৰা গৈছে৷ দুর্ঘটনাটোত নিহত বাবুল আলী আৰু খুদেজা বিবি স্বামী–স্ত্রী৷ সেইদৰে শিশু আৰিফুল হকৰ মৃত্যু ঘটিছে যদিও তেওঁৰ পিতৃ–মাতৃ ক্রমে মহিবুল হক আৰু আপিনা বিবি গুৰুতৰভাৱে আহত অৱস্থাত সম্প্রতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে দুর্ঘটনাগ্রস্ত টাটা ছুম’খনত চালকসহ মুঠ ১২গৰাকী যাত্রী আছিল৷ ইয়াৰে চাৰিগৰাকী মহিলা, ৫জন পুৰুষ আৰু তিনিটা শিশু৷ বর্তমানে আহত ৮গৰাকীয়েই চিকিৎসাধীন হৈ আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷
আগমনিত কান্দোনৰ ৰোল
যোৰহাটৰ ইটাভাতাত কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ৰাওনা হৈ মাজনিশা আদবাটতে ঢ়েকীয়াজুলিৰ ৰবৰতলাত শিশু–মহিলাসহ চাৰিগৰাকীৰ মৃত্যু আৰু আন ৮গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱাৰ পাছতে আজি কান্দোনৰ ৰোল উঠে ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তর্গত ঝাপুছাবাৰী আৰু সিন্দুৰাই দ্বিতীয় খণ্ড গাঁৱত৷ মাজনিশা চলন্ত ট্রাকত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত শোকাৱহ দুর্ঘটনাটোত ঝাপুছাবাৰী দ্বিতীয় খণ্ডৰ আব্দুল আজিজ খাঁ নামৰ ব্যক্তিজনৰ লগতে এটি শিশুৰো মৃত্যু হৈছে৷ মাত্র দুবছৰ দুমাহ বয়সৰ শিশুটিৰ নাম আৰিফুল হক৷ তদুপৰি একেটা দুর্ঘটনাত নিহত হয় সিন্দুৰাই দ্বিতীয় খণ্ডৰ বাবুল আলী আৰু তেওঁৰ পত্নী খুদেজা বিবি৷ জানিব পৰা মতে, দুর্ভগীয়া শ্রমিককেইজনে যোৰহাটৰ বিপুল শইকীয়া নামৰ এজন লোকৰ ইটাভাতাত কাম কৰাৰ উদ্দেশ্যে এ এছ–১৭ ডি–৭৫৮৩ নম্বৰৰ টাটা ছুম’খনেৰে ৰাওনা হৈছিল৷

You might also like