নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানু-সিদ্ধাৰ্থৰ লগতে ছিংগাপুৰৰ ১১ প্ৰৱাসী অসমীয়ালৈ CID-ৰ জাননী

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আহিছে এই ঘটনাৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কীয় এক খবৰ। ৰাজ্য তোলপাৰ লগাই থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনাৰে নাম সাঙোৰ খাই পৰাসকললৈ জাননী জাৰি কৰিছে CID-এ। উল্লেখ্য যে ১৯ ছেপ্টেম্বৰৰ হৃদয়বিদাৰক ঘটনাৰ পিছৰে পৰা শ্যামকানু, সিদ্ধাৰ্থ, শেখৰহঁতৰ বিৰুদ্ধে সমগ্ৰ অসম গুজৰি-গুমৰি আছে।

ইয়াৰ মাজতে শ্যামকানু, সিদ্ধাৰ্থকে ধৰি ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়ালৈ CID-এ জাননী জাৰি কৰিছে। এই জাননী জাৰি কৰি ১০ দিনৰ ভিতৰত এইসকলক CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। এইসকলে ১০ দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ নহ’লে লুক আউট নটিচ জাৰি হ’ব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ উচ্চ আয়ুক্তকো যোগাযোগ কৰা হৈছে।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰে নাম সাঙোৰ খাই পৰা শ্যামকানু, সিদ্ধাৰ্থকে ধৰি ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়াক ৬ অক্টোবৰৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে। বৰ্তমান সময়ত এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত বিদেশত থকাৰ সন্দেহ কৰা হৈছে।

You might also like