নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশী–বিদেশী পর্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্রীয় উদ্যান

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ দীর্ঘদিনৰ অন্তত শুকুৰবাৰে দেশী–বিদেশী পর্যটকৰ বাবে মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যান৷ ৰাষ্ট্রীয় উদ্যানখনৰ দ্বিতীয় প্রৱেশদ্বাৰত দিনৰ ১১.২০ বজাত ৰঙা ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বি টি আৰৰ বন বিভাগৰ দায়িত্বত থকা কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই৷

ৰাষ্ট্রীয় উদ্যানখন পর্যটকৰ বাবে মুকলি কৰাৰ পাছতে এক উখল–মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়৷ বিহু, বাগৰুম্বা, নাম–প্রসংগৰে মুখৰিত হৈ পৰে ৰাষ্ট্রীয় উদ্যানখনৰ দ্বিতীয় প্রৱেশদ্বাৰ৷ ৰাষ্ট্রীয় উদ্যানখন মুকলি কৰাৰ পূর্বে বাঁহবাৰী বনাঞ্চলিক কার্যালয়ৰ পৰা দ্বিতীয় প্রৱেশদ্বাৰলৈ বিহু, বাগৰুম্বা, ঝুমুৰ, নাম– প্রসংগ, হাতী আদি লৈ এক সমদল উলিয়ায় বন বিভাগৰ লোকে৷

ৰাষ্ট্রীয় উদ্যানখন মুকলি কৰি বি টি আৰৰ বন বিভাগৰ কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে৷ মানাহ বেদখলমুক্ত কৰাৰ বাবে ছুপ্রিম ক’র্টে নির্দেশ দিছে৷ যিসকলে জংঘলত চিকাৰৰ সৈতে জডিত আছিল, সেইসকলে কাইলৈ অস্ত্রসহ আত্মসমর্পণ কৰিব৷ প্রায় ৫০০ সদস্যই আত্মসমর্পণ কৰিব বি টি আৰ কর্তৃপক্ষৰ ওচৰত৷ ৰাষ্ট্রীয় উদ্যানখনত পর্যটকৰ বাবে ইতিমধ্যে প্রায় দুশখন জীপছী, শতাধিক হাতী, ২০খনৰো অধিক লজ পর্যটকৰ বাবে সাজু কৰি তোলা হৈছে৷ সাজু হৈছে ৪০জনীয়া গাইডৰ দল৷ জীপ ছাফাৰি, হাতী ছাফাৰি, ৰাফটিঙৰ লগতে পর্যটকৰ বাবে থাকিব মানাহত নতুনকৈ সংযোজন কৰা হস্তী প্রদর্শনৰ ব্যৱস্থা৷ সমানে সমানে নতুন ৰূপত সজাই–পৰাই তোলা হৈছে দোকান, ব্যৱসায়িক প্রতিষ্ঠানসমূহো৷ এইফালে, মানাহৰ অপূর্ব প্রাকৃতিক পৰিৱেশ, হাতী, বাঘ, গঁড, ময়ূৰৰ পেখমৰ লগতে উদ্যানখনৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ কুলু কুলু শব্দই আকর্ষিক কৰিব প্রকৃতিপ্রেমীসকলক৷

You might also like