নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৩৫হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ MVIহেমেন দাস

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ MVI হোমেন দাস। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সহযোগী প্ৰনব মহন্ত আৰু বলৱন্ত কৌৰ নামৰ মহিলা কৰ্মচাৰীক। বাহনৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে লৈছিল ৩৫০০০ টকাৰ উৎকোচ।নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিছিল এই অভিযান। এই অভিযান কালত আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত ৰূপে চিহ্নিত এম ভি আই হোমেন দাসৰ পৰা নগদ দুই লাখ সাত হাজাৰ টকা জব্দ কৰে।

প্ৰেৰকঃ কনক হাজৰিকা

You might also like