নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰত বিজেপিৰ বিশাল নিৰ্বাচনী সভা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২ এপ্রিল : লোকসভা নিৰ্বাচন-২০২৪ৰ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰ হাই স্কুল খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুপৰীয়া বৰপথাৰ হাইস্কুল খেলপথাৰৰ সমীপৰ অস্থায়ী হেলিপেডত মুখ্যমন্ত্রীৰ হেলিকপ্টাৰ অৱতৰণ কৰে। মুখ্যমন্ত্রীক সংগ দিয়ে ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে। সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুখ্যমন্ত্রীক উষ্ম আদৰণি জনায়। ইয়াৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মায় অস্থায়ী হেলিপেডৰ চাৰিওফালে ৰৈ থকা ৰাইজৰ ওচৰলৈ খোজকাঢ়ি গৈ মাত লগায়। ইয়াৰ পিছত এখন ISUZU Car ত উঠি হেলিপেডৰ পৰা ৩০০ মিটাৰ নিলগৰ বৰপথাৰ হাইস্কুল খেলপথাৰৰ বিশাল নিৰ্বাচনী সভালৈ ৰেলি কৰি উপস্থিত হয়। ৰাস্তাৰ দুয়োকাষে ৰৈ থকা মহিল যুৱতী আয়তীসকলে মুখ্যমন্ত্রীলৈ পুস্প নিবেদন কৰি আদৰণি জনায়। ইছুজু কাৰ ৰেলীৰ সময়ছোৱাত মুখ্যমন্ত্রী ড০ শৰ্মাই পথৰ কাষত সমবেত ৰাইজক মাত লগায়। মুখ্যমন্ত্রী ড০ শৰ্মা বৰপথাৰ হাই স্কুল খেল পথাৰৰ নিৰ্বাচনী সভাৰ মঞ্চত উঠিয়েই আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতৰ তালে তালে হাত চাপৰি বজাই নাচে। মুখ্যমন্ত্রীৰ লগত নিৰ্বাচনী সভাত সমবেত ৰাইজেও নাচি বাগি আনন্দ কৰে। ইয়াৰ পিছত মঞ্চত উপস্থিত থকা অগপৰ জৈষ্ঠ্য নেতা তথা ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আদৰণি ভাষণ দি কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ৰ’জলীনা তিৰ্কীক তীব্র সমালোচনা কৰে। তাৰ দিয়াৰ পিছত মুখ্যমন্ত্রী ড০ শৰ্মাই ভাষণ আগবঢ়ায়। কংগ্ৰেছ দলৰ ৰ’জলীনা তিৰ্কী সৰুপথাৰ বিধান সভা সমষ্টিত বিধায়ক হোৱাৰ সময়ছোৱাত সৰুপথাৰ সমষ্টিৰ বাট পথ যথেষ্ট অৱনতি আছিল। কংগ্ৰেছ দলৰ সময়ছোৱাত সৰুপথাৰ বিধানসভা সমষ্টিৰ বাট পথ বেয়া থকাৰ বাবে সৰুপথাৰত কোনো লোকে ছোৱালী বিয়া দিব বিচৰা নাছিল। ইয়াৰোপৰি চৰকাৰী চাকৰিয়াল সৰুপথাৰত চাকৰি কৰিবলৈ আহিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আশীৰ্বাদ সৰুপথাৰ বিধান সভা সমষ্টিৰ বাট পথ উন্নয়ন হল বুলি বিধায়ক বিশ্বজিৎ ফুকনে ভাষন প্ৰসংগত ব্যক্ত কৰে। বিগত ১৫ বছৰত সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাক্তন আকলিয়াছ তিৰ্কী আৰু কন্যা ৰ’জলীনা তিৰ্কীয়ে ১৫ বছৰত কৰিব নোৱাৰা কাম মুখ্যমন্ত্রী ড০ শৰ্মাৰ আশীর্বাদত আঢ়ৈ বছৰত বহু উন্নয়ন হৈছে। ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত কয় মুখ্যমন্ত্রী ড০ শৰ্মাৰ নেতৃত্বত অসমত আমি এটা সোনালী দিনত বসবাস কৰি আছো। ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে কয় যে আমি ভাৱিব নোৱাৰা কথাবোৰ চিন্তা কৰি তাক কাৰ্য্যকৰী কৰি অসমক যোৱা তিনিটা বছৰত নতুন ৰূপ দিছে মুখ্যমন্ত্রী ড০ শৰ্মাই। এই সোনালী দিনৰ বাবেই আমি বাট চাই আছিলো -প্ৰমোদ বড়ো। মুখ্যমন্ত্রী ড০ শৰ্মাই নিৰ্বাচনী সভাৰ ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। পুৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ নাম সলনি হোৱাৰ লগতে সমষ্টি কিছু পৰিমাণে পৰিবৰ্তন হৈছে। পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ নাম সলনি কৰি কাজিৰঙা লোকসভা সমষ্টি হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে আমি কাজিৰঙা লোকসভা সমষ্টিত ভোট দিম। মুখ্যমন্ত্রী ড০ শৰ্মাই ভাষণ প্ৰসংগত আৰু কয় কাজিৰঙা লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক কিয় ভোট দিব লাগে তাৰ ব্যাখ্যা আগবঢ়াই কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীক তীব্র সমালোচনা কৰি কয় যে ৰ’জলীনা তিৰ্কী সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰ সময়ছোৱাত একো কাম কৰিব নোৱাৰিলে। যি গৰাকী নেত্রীয়ে এটা সমষ্টিত কাম কৰিব নোৱাৰিলে তেন্তে তেওঁ ১০টা বিধানসভা সমষ্টি কেনেকৈ চলাব। আৰ্কলীয়াছ তিৰ্কী আৰু ৰ’জলীনা তিৰ্কী অৰ্থাৎ তিৰ্কী পৰিয়ালে সৰুপথাৰ বিধানসভা সমষ্টিত বহুত দিন বিধায়ক হৈ থাকিল কিন্তু একো কাম নকৰিলে। বিজেপি দলৰ বিধায়ক বিশ্বজিৎ ফুকন সৰুপথাৰৰ ৰূপ তিনি বছৰত সলনি হৈ গল। সৰুপথাৰ বিধান সভা অনুষ্ঠিত ব্যাপক পৰিবৰ্তন হল। সৰুপথাৰ আৰু বোকাজান পথ অসম মালাত নিৰ্মাণ কৰা হব। গোলাঘাটৰ পৰা বৰপথাৰ সংযোগী পথ অসম মালাত নিৰ্মাণ কৰা হব। বিজেপি জয়ী হলে সৰুপথাৰ বিধান সভা সমষ্টিত চাৰিটা ঈঞ্জিনে কাম কৰিব। দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কাজিৰঙাত বিজেপি আৰু সৰুপথাৰ ত বিজেপি । ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যি সকল লোকৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুনোদয় নাই সেই সকল লোকক অৰুনোদয় দিয়া হব। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ লোকক অৰুনোদয় দিম। নথকা সকলকো দিয়াৰ ব্যৱস্থা কৰিম।। সভা চলি থাকোতেই এডাল সাপ ওলাল জনতাৰ মাজত মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাইজক উদ্দেশ্যি কয় সাপ ডাল ওলোৱা সন্দৰ্ভত কয় যে স্বয়ং সদাশিৱ ই আশীৰ্বাদ দিবলৈ আহিছে। পুনৰ ভাষণ প্ৰসংগত কয় যে ৰেচন কাৰ্ড পালে জীৱন বীমা লাভ কৰিব ঘৰৰ মুৰব্বী গৰাকীয়ে। এখন ৰেচন কাৰ্ডত পাঁচ টা সুবিধা লাভ কৰিব , চাউল, উজলা, অৰুনোদয়, আয়ুস্মান, বীমা আদি পাচটা সুবিধা লাভ কৰিব। যাৰ পাচটা সন্তান তেওঁ লাখপতি নাপায় । পাচটা সন্তান থকা জনৰ কথাও চিন্তা কৰি আছো। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় এইবাৰ মামা হিচাপে কৈছো অহা 19, 20, 21 এপ্ৰিলৰ ভিতৰত মেট্ৰিকৰ ৰিজাল্ট দিয়া হব মেট্ৰিকত ছোৱালী পঢ়োৱাৰ দ্বায়িত্ব মামাই লব, লৰাৰ দ্বায়িত্ব দেউতাকে লব যি লৰাই কব বুলেটৰ পাছত মাকক উঠাব সি বুলেট পাব। 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব । মহিলা সকলক লাখপতি বনাইহে এৰিম। প্ৰথমে 10 হাজাৰ, তাৰ পাছত 25 হাজাৰ দিয়া হব। ল’ৰা বিলাকক পুলিছৰ চাকৰি দিম প্ৰথম বাৰ চৰকাৰী চাকৰি নিযুক্তি বিনামূলীয়া হৈছে । সৰুপথাৰ বিধান সভা সমষ্টিৰ উন্নয়ন মুলক কামৰ পৰিকল্পনা সন্দৰ্ভত কয় সৰুপথাৰ বিধান সভা সমষ্টিৰ টেঙানী আৰু চুঙাজানৰ মাজৰ ৰেলৱে অভাৰব্ৰীজ পৰৱৰ্তী সময়ত দিয়াৰ কথা কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰত এটা চাৰ্কিট হাউচ নিৰ্মাণ কৰা হব। মুখ্যমন্ত্রীয়ে কয় যে আপোনালোকে নিবিচৰাকে সৰুপথাৰ বিধান সভা য সমষ্টিত বহু উন্নয়ন মুলক কাম কৰি দিছো এই বাৰ সৰুপথাৰৰ ৰাইজে এক লাখ ভোটত কামাখ্যা প্ৰসাদ তাচাক জিকাব লাগিব। আজিৰ সভাত অংশগ্রহণ কৰে গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱ প্ৰদীপ বৰা। গোলাঘাট জিলা অগপৰ সভাপতি ড: নিপেন মহন্ত, সমিত নাৰ্জাৰী, সৰুপথাৰ পৌৰ সভাৰ পৌৰপতি উষা ভিলৱাৰীয়া, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীব বৰুৱা বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সদস্য প্ৰদীপ সৰ্গীয়াৰী আদি উপস্থিত থাকে।

প্ৰেৰক মাখমুদ আলী

You might also like