ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ : শিক্ষা আহৰণৰ বাটত ছাত্র–ছাত্রীলৈ অনুপ্রেৰণা যোগোৱাৰ মহান উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই আজি ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষার্থীলৈ স্কুটাৰ বিতৰণ কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই আঁচনিৰ অধীনত এইবাৰ ১১২৫০গৰাকী শিক্ষার্থীক সামৰি লোৱা হৈছে, ইয়াৰে ৬৮৬০গৰাকী ছাত্রী আৰু ৪৩৯০ গৰাকী ছাত্র৷
পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত আজিৰ এই অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক উৎকর্ষতাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ২০১৭-১৮ বর্ষৰ পৰা ২০২৪-২৫ বর্ষলৈ সর্বমুঠ ১,৮৬,৪৪২গৰাকী শিক্ষার্থীক স্কুটাৰ প্রদান কৰিছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১০৪৩ কোটিৰো অধিক পুঁজি ব্যয় কৰিছে৷
আজি স্কুটাৰ লাভ কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই মুখ্যমন্ত্রীয়ে তেওঁলোকক দুটা বিশেষ কথা মানি চলিবলৈ আহ্বান জনায়, সেয়া হৈছে দুচকীয়া বাহনৰ চালকৰ অনুজ্ঞা-পত্র লাভ নকৰালৈকে স্কুটাৰ নচলোৱা আৰু স্কুটাৰ চলোৱাৰ সময়ত সদায়ে হেলমেট পৰিধান কৰা৷ মুখ্যমন্ত্রীয়ে কয় যে এইবাৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিখনৰ ৰূপায়ণত সামান্য পৰিৱর্তন অনা হৈছে৷ সেয়েহে বিগত বর্ষৰ ৪৮,৬৭৩গৰাকী শিক্ষাৰ্থীৰ পৰিৱর্তে এইবাৰ স্কুটাৰপ্রাপক শিক্ষাৰ্থীৰ সংখ্যা ১১,২৫০গৰাকীলৈ হ্রাস পাইছে৷ চৰকাৰে ক্রমান্বয়ে নিযুত মইনা আঁচনিৰ পৰিসৰ অধিক সম্প্রসাৰিত কৰি থকা বাবেও এই সংখ্যা হ্রাস পাইছে বুলি ব্যক্ত কৰি তেওঁ কয় যে স্কুটাৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্রাস পালেও নিযুত মইনা আঁচনিয়ে ৫ লাখৰো অধিক ছাত্রীক সামৰি লৈছে৷ ছাত্রসকলকো অধ্যয়নৰ দিশত অনুপ্রাণিত কৰিবৰ বাবে অহা ১ জানুৱাৰীৰ পৰা নিযুত মইনাৰ আর্হিত এক নতুন আঁচনি আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ অসমত এক শৈক্ষিক পৰিৱেশ নির্মাণেই চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য বুলি তেওঁ মন্তব্য কৰে৷
ছাত্র–ছাত্রীসকলক জীৱনত সদায়ে ইতিবাচক চিন্তাধাৰাক আঁকোৱালি ল’বলৈ আহবান জনাই মুখ্যমন্ত্রীয়ে কয় যে নিৰাশাক আঁকোৱালি লোৱা বা নেতিবাচক চিন্তাক সাবটি থকাসকলে সমাজত নৈৰাজ্য সৃষ্টিত অৰিহণা যোগায়৷ এনে ছাত্র–ছাত্রী ক্রমান্বয়ে বিপথগামী হবলৈ আৰম্ভ কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এনেধৰণৰ ছাত্র–ছাত্রীসকল লাহে লাহে ড্রাগছৰ দৰে মাদক দ্রব্যৰ গ্রাসত পৰে, সমাজবিৰোধী কামত লিপ্ত হয় বা অন্যান্য অপৰাধমূলক কামত জড়িত হৈ পৰে, যি এটা সময়ত সমাজৰ বাবে চিন্তাৰ কাৰণ হৈ উঠে৷ ৰাজ্য চৰকাৰে সেয়ে এনে ঋণাত্মক মানসিকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্রথমৰে পৰা চিন্তা–চর্চা কৰি অহাৰ লগতে শৈশৱৰে পৰা ছাত্র–ছাত্রীৰ মনত নিজৰ চৌপাশ, সমাজ আৰু নিজক লৈ এক সদর্থক দৃষ্টিভংগীৰ গঢ় দিয়াৰ বাবে প্রয়াস কৰি আহিছে৷ ইতিবাচক চিন্তাধাৰাৰ অধিকাৰী শিক্ষাৰ্থীৰ মাজত আত্মবিশ্বাস প্রবল বুলি মন্তব্য কৰি তেওঁ কয় যে এনে শিক্ষাৰ্থীয়ে এবাৰত আশাব্যঞ্জক ফলাফল নাপালেও হতাশ নহৈ দুগুণ উদ্যমেৰে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হয়৷
তেওঁ কয় যে ইতিবাচক চিন্তাধাৰাৰ অধিকাৰীসকলক সমাজেও সমীহ কৰে আৰু সমান্তৰালভাৱে তেওঁলোকৰ চকুতো সমাজৰ ভাল কথা, ভাল কামবোৰে ধৰা দিয়ে৷ বিপৰীতে নঞর্থক দৃষ্টিভংগীৰ লোকসকলে প্রতিটো কথাতে খুঁত দেখা পায়৷ মানুহৰ মন আৰু কৃত্রিম বুদ্ধিমত্তাৰ মাজত চিন্তাৰ সামঞ্জস্য আছে বুলি মন্তব্য কৰি তেওঁ কয় যে যাৰ যি খুঁচৰাৰ অভ্যাস আৰু মানসিকতা, সেই অনুসৰিয়েই ব্যক্তিত্বই গঢ় লয়৷
সময়ৰ দ্রুত পৰিৱর্তনে অসমকো চুই গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি অসমত ২৫খনকৈ চিকিৎসা মহাবিদ্যালয় হৈছে, ১৫খন কার্যক্ষম হৈ আছে আৰু আন ১০খন নির্মাণৰ বিভিন্ন পর্যায়ত আছে৷ এসময়ত ৰাজ্যত মেডিকেল শিক্ষা আকাশ কুসুম আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে অতিমাত্রা মেধাৱী আৰু অতিশয় আঢ্যৱন্ত পৰিয়ালৰ শিক্ষার্থীয়েহে মাথোঁ এসময়ত মেডিকেল শিক্ষা গ্রহণ কৰিব পাৰিছিল, কিয়নো তেতিয়া ৰাজ্যত মাথোঁ তিনিখন মেডিকেল কলেজত আঢ়ৈশ আসনহে আছিল৷ বিপৰীতে বর্তমান ৰাজ্যত মেডিকেল আসনৰ সংখ্যা ২০০০লৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দি তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত ৰাজ্যত মেডিকেল শিক্ষাৰ আসনৰ সংখ্যা ৫০০০ লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ তেওঁ কয় যে আজি ৰাজ্যত আই আই টি, গুৱাহাটী আৰু এন আই টি, শিলচৰকে ধৰি প্রায় ৩০খন অভিযান্ত্রিক কলেজ বা প্রতিষ্ঠান আছে, যি এসময়ত কল্পনাৰো অগোচৰ আছিল৷
ড০ শর্মাই কয় যে প্রতিৰক্ষা বাহিনীৰ অন্যতম যুদ্ধবিমান ৰাফেলৰ মেৰামতি বা চোৱা–চিতাৰ বাবে ডছচ্ট ছিষ্টেম্ছ–এ প্রায় ২০০ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ত এক প্রতিষ্ঠান নির্মাণৰ পদক্ষেপ হাতত লৈছে৷ এই প্রকল্প বাস্তৱায়িত হলে অসমৰ শিক্ষাৰ্থী বিমান মেৰামতিৰ লগত জড়িত বিভিন্ন ক্ষেত্রৰ শিক্ষা লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে একেদৰে চৰকাৰে ডিব্রুগড়ত মেৰাইন ইঞ্জিনীয়াৰিঙৰ দৰে জাহাজ মেৰামতিৰ শিক্ষা প্রদানৰ প্রতিষ্ঠান আৰম্ভ কৰিছে৷ ৰাজ্যত এটা গুগল ডাটা চেণ্টাৰ আৰম্ভ কৰাৰ বিষয়েও চিন্তা–চর্চা কৰা বুলি তেওঁ সদৰী কৰে৷
স্বৰাজোত্তৰ কালত বর্তমান অসমত উন্নয়ন আৰু পৰিৱর্তনৰ সোণালী যুগ চলি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যত চলি থকা আৰু হাতত লোৱা আন বহুকেইটা উন্নয়নমূলক তথা আন্তঃগাঁথনি প্রকল্পৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে৷
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও ভাষণ প্রদান কৰে৷ অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক দেৱব্রত দাস, বিভাগৰ সঞ্চালিকা পমী বৰুৱাকে ধৰি অন্যান্য বিষয়ববীয়াসকল, হিৰো মটকর্পৰ প্রতিনিধি, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক–অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে৷