নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন সুদক্ষ ফুটবলাৰ-ক্ৰিকেটাৰ মিন্টু বুঢ়াগোহাঁইৰ মৃত্যু, মৰিয়নিত শোক

মৰিয়নিৰ সমীপৰ পুখুৰীয়া গাঁ‌ৱৰ নিবাসী, প্ৰাক্তন সুদক্ষ ফুটবলাৰ মিন্টু বুঢ়াগোঁ‌হাইৰ আজি পুৱা প্ৰায় ৬-৩০ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৪৫ বছৰ হৈছিল।

বিগত কিছুদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভূগি আছিল। পৰিয়ালৰ লোকে মিন্টুক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও স্বাস্থ্যৰ উন্নতি নোহোৱাত আই চি ইউত ভৰ্তি কৰোৱা হয়। কিন্তু আজি আই চি ইউত চিকিৎসাধীন অৱস্থাতে মিন্টুৱে মৃত্যুক আকোঁ‌ৱালি লয়।

পুখুৰীয়া গাঁ‌ৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা মিন্টুৱে পিছত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পুখুৰীয়া গাঁ‌ৱৰ এসময়ৰ প্ৰখ্যাত ফুটবলাৰ মোহন বুঢ়াগোহাঁইৰ সাত জন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তানৰ সৰু আছিল প্ৰয়াত মিন্টু। দেউতাকৰ লগতে ঘৰৰ সাতোজন ককাই ভাই আছিল একোজনকৈ সুদক্ষ ফুটবলাৰ।

ঘৰত সৰুৰে পৰাই ফুটবলৰ পৰিৱেশ পাইছিল মিন্টুৱে। ফলত সৰুৰে পৰাই ফুটবলৰ প্ৰতি আকৃষ্ট হৈ ফিল্ডত ফুটবলৰ পিছে পিছে দৌৰিছিল। পুখুৰীয়া অশোক ক্লাৱৰ হৈ প্ৰথম ফুটবল খেলা মিন্টু আছিল এজন সুদক্ষ ষ্ট্ৰাইকাৰ। কম সময়তে খেলপথাৰত নিজৰ দক্ষতা আৰু প্ৰতিভাৰ পৰিচয় দিছিল মিন্টুৱে। পৰৱৰ্তী সময়ত মৰিয়নি ক্ৰীড়া সন্থা, যোৰহাটৰ খেলমাটি স্প’ৰ্টছ ক্লাৱ, কিংশুক, কঠালগুৰি চাহ বাগিচা ফুটবল দল আদিকে ধৰি বহু দলৰ হৈ ফুটবল খেলিছিল।

যোৰহাট জিলা ফুটবল দলৰ হৈ ৰাজ্যিক ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়’ৰ, ২১ বছৰৰ অনুৰ্দ্ধ আদি ফুটবল প্ৰতিযোগিতাত যোগদান কৰিছিল। তাৰোপৰি মৰিয়নিৰ আগৰৱালা স্কুল আৰু মৰিয়নি কলেজৰ হৈও ফুটবল খেলিছিল। ১৯৯৭-৯৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ কলেজ ফুটবল টুৰ্ণামেন্টত মৰিয়নি কলেজ দল ৰানাৰ্ছ আপ হওঁতে মৰিয়নি কলেজৰ অন্যতম শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ আছিল প্ৰয়াত মিন্টু বুঢ়াগোহাঁই। এটা সময়ত যোৰহাটৰ লগতে অসমৰ কেবাখনো মেজৰ ফুটবল প্ৰতিযোগিতাত দপদপাই আছিল এই মিন্টু বুঢ়াগোহাঁয়ে ।

কেৱল ফুটবলেই নহয়, ক্ৰিকেটাৰ হিচাপেও মিন্টুৱে নিজৰ প্ৰতিভাৰ উমান দিছিল। সোঁহতীয়া মেডিয়াম পেচ বলাৰৰ সমানে এজন বেটাৰ হিচাপেও প্ৰতিভাৰ উমান দি গৈছে। মৰিয়নি ক্ৰিকেট লীগৰ লগতে আন আন প্ৰতিযোগিতাতো মিন্টুৱে একাধিক দলৰ হৈ ক্ৰিকেট খেলিছিল। হাঁ‌হিমুখীয়া মিন্টুৰ আজি মৃত্যুৰ বাতৰি পোৱাৰ লগে লগেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তাতেই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁৰ মৃত্যুত আজি পুখুৰীয়া অশোক ক্লাৱ, মৰিয়নি ক্ৰীড়া সন্থা, মৰিয়নি কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন, প্ৰেছ ক্লাৱ আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত মিন্টুৱে পত্নীৰ লগতে দুজন পুত্ৰ, চাৰিজন ককায়েকসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে । দুপৰীয়া বহু গুণমুগ্ধৰ উপস্থিতিত পুখুৰীয়া গাঁ‌ৱৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

বিশেষ বাৰ্তা, মৰিয়নি, ৮ ডিচেম্বৰ

You might also like