নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী–দিছপুৰৰ পর্যায়তে বিচাৰি থকা হৈছে আলফাৰে আলোচনাৰ বাট

দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ গুৰুত্বপূর্ণ সংবাদ মেল

নিয়মীয়া বাৰ্তা ৪ জুনঃ  পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাৰ কুচকাৱাজ চলাই থকা হৈছে৷ দিল্লী–দিছপুৰ দুই পর্যায়ত আলোচনাৰ বাট বিচাৰি থকা হৈছে৷ –অতি তাৎপর্যপূর্ণ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দিল্লীৰ আছাম হাউছত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ সার্বভৌমত্বক লৈ আলোচনাত সমস্যা থকাৰ কথা ব্যক্ত কৰি তেওঁ পুনৰ কয় যে এজন জনপ্রতিনিধিয়ে দেশৰ সার্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ বাবে শপতগ্রহণ কৰি নিজৰ কার্যকাল আৰম্ভ কৰে৷ তেনে ক্ষেত্রত দেশৰ সার্বভৌমত্বক লৈ আপোচ কৰি কেনকৈ কাৰোবাৰ সৈতে আলোচনা সম্ভৱ?

লক্ষণীয়ভাৱে পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনাক লৈ সংবাদ মাধ্যমৰ আগত অধিক মন্তব্য কৰাটো সমীচীন নহ’ব বুলি মত ব্যক্ত কৰি তেওঁ কয়– মুকলিকৈ সংবাদ মাধ্যমৰ আগত চৰকাৰে কিবা এটা ক’লে সেই কথা পৰেশ বৰুৱাৰ ভাল নালাগিবও পাৰে৷ সেয়েহে যিমান সম্ভৱ সতর্কতা অৱলম্বন কৰি অতি সন্তর্পণে আলোচনাৰ বিষয়টো আগুৱাই নিব লাগিব৷ ইতিমধ্যে বাতৰিকাকত আদিত পৰেশ বৰুৱাই শান্তি আলোচনাৰ বাবে সাজু আছে বুলি মন্তব্য কৰা দেখিছোঁ৷ কিন্তু সার্বভৌমত্বৰ বিষয়ত আলোচনা কৰাটো চৰকাৰৰ বাবে যেনেদৰে এটা নেতিবাচক বিষয়, ঠিক তেনেদৰে কিছু ইতিবাচক দিশো আছে৷ মই ব্যক্তিগতভাৱে শান্তিৰ পক্ষত আছেছা৷ অসমৰ ৰাইজে যিকোনো মূল্যৰ বিনিময়ত শান্তি বিচাৰে, স্থায়ী শান্তি বিচাৰে৷ এয়া নিঃসন্দেহে এটা ইতিবাচক বিষয়৷ সেয়েহে দিল্লী–দিছপুৰৰ পর্যায়ত আলোচনাৰ বাট বিচাৰি থকা হৈছে৷ পিছে ইয়াৰ বাবে কিছু সময় লাগিব বুলি মুখ্যমন্ত্রীজনে আজিৰ সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনা বাস্তৱায়িত কৰাৰ বাবে ব্যক্তিগতভাৱে যিমানখিনি কৰা সম্ভৱ সেয়া কৰিম বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

ইপিনে, অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ গোটটোৰ সৈতেও শান্তি আলোচনা আগুৱাই নিয়া হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইক্ষেত্রত নতুন মধ্যস্থতাকাৰী নিযুক্তিৰ বিষয়টোত তেওঁ সংশ্লিষ্ট পর্যায়ত উত্থাপন কৰিব৷ উল্লেখ্য যে মধ্যস্থতাকাৰী হিচাপে এ বি মাথুৰৰ ম্যাদ ইতিমধ্যে উকলি গৈছে৷ আনহাতে, অসমত শান্তি ওভতাই অনাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই আজি আন এক সুখবৰ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই দিয়া ইংগিত অনুসৰি অহা সপ্তাহত কার্বি শান্তি চুক্তি স্বাক্ষৰিত হ’ব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেউজ সংকেত প্রদান কৰা হৈছে৷ অহা সোমবাৰৰ পাছত যিকোনো এটা দিনত এই চুক্তি স্বাক্ষৰিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলিও তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, দিল্লী ভ্রমণৰ কালছোৱাত তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক দুবাৰকৈ লগ পাইছে৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত কুমাৰ ড’ভাল, কেন্দ্রীয় চোৰাংচোৱাৰ মুৰব্বীসকলৰ সৈতেও আলোচনাত মিলিত হৈছে৷ তেওঁলোকৰ সৈতে কার্বি চুক্তিক লৈ আলোচনা কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত জানিবলৈ দিয়ে৷ আনহাতে, অনাগত পাঁচ বছৰত তেওঁৰ চৰকাৰৰ কার্যকালত অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে সকলো চেষ্টা চলোৱা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ যথেষ্ট সদিচ্ছা আছিল৷ পিছে ষষ্ঠ দফা কমিটীয়ে যি প্রতিবেদন দাখিল কৰিছে তাৰ ৰূপায়ণ সংবিধানৰ গণ্ডীত সম্ভৱ নহয়৷

ৰাজ্যৰ বিভিন্ন দল–সংগঠনৰ সৈতে অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই এই সন্দর্ভত আলোচনা আৰম্ভ কৰিছে৷ ষষ্ঠ দফা ৰূপায়ণৰ বাবে আমি এক বাস্তৱসন্মত দিশ ল’ব লাগিব৷ অন্যথা উচ্চতম ন্যায়ালয়ে যেনেদৰে মাৰাঠীসকলৰ সংৰক্ষণৰ বিষয়টো খাৰিজ কৰি দিছে, ষষ্ঠ দফা ৰূপায়ণৰ ক্ষেত্রতো ঠিক সেয়াই হ’ব৷ উচ্চতম ন্যায়ালয়ৰ সৈতে কোনেও যুঁজিব নোৱাৰে কিম্বা উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধাচৰণো কোনেও কৰিব নোৱাৰে বুলি মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ আনহাতে, ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁৰ বক্তব্য– দুয়োটা বিষয় হয় কেন্দ্রীয় চৰকাৰ নহয় উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বিষয় হৈ আছে৷ ইয়াত অসম চৰকাৰৰ বিশেষ একো কৰিবলগীয়া নাই৷ ইপিনে, ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ৯–১০ জুন মানত এটা বৃহৎ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে৷ ইয়াৰ বাবে আৰক্ষীয়ে তথ্য–পাতি সংগ্রহ কৰি থকাৰ কথাও তেওঁ সদৰী কৰে৷

You might also like