নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁৱৰ গিৰিধৰ পাটৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰে। অসমৰ অনুসূচীত জনজাতিসমূহৰ উত্তৰণৰ দিশত সংঘৰ সমৰ্পিত প্ৰচেষ্টাৰ মুখ্যমন্ত্ৰীয়ে শলাগ লয় আৰু নতুন প্ৰজন্মক শিক্ষা, সংস্কৃতি, ক্ৰীড়া তথা অন্যান্য দিশত আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ প্ৰদৰ্শনেৰে ৰাজ্য চৰকাৰে জনজাতিসমূহক প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ লগতে আৰ্থ-সামাজিক উন্নয়নৰ দিশত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

“ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহক সুৰক্ষিত কৰাৰ বাবে আমি মাটিৰ পট্টা প্ৰদান কৰিছোঁ।” মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

 

 

You might also like