নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইকা-দাধিয়াৰ প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ লাইকা-দাধিয়াবাসীলৈ অসম চৰকাৰৰ বিশেষ পেকেজ। প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ।

আজি সংবাদমাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “লাইকা-দধিয়াবাসীৰ পৰম শ্ৰদ্ধাৰ লোকসকলক পুনৰ সংস্থাপিত কৰাৰ ক্ষেত্ৰতো আমি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছো। লগতে তেখেতসকলে যাতে য’লৈকে যায়, তাতযাতে তেখেতসকলে পাৰম্ভিকভাৱে ঘৰ নিৰ্মাণ বা অস্থায়ীভাৱে নানা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ একো একোটা পৰিয়ালক দিয়াৰ সিদ্ধান্ত লৈছো। ১৩ শ পৰিয়ালৰ বাবে আমি ১৩ কোটি টকা ব্যয় কৰিম। আমি শ্ৰদ্ধা সহকাৰে সেইখিনি আগবঢ়াম। কাৰণ তেখেতসকলে বহু কষ্ট কৰিছে।”

 

You might also like