ৰৈ ৰৈ বিনালেৰ জিএছটিৰ ধন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ
জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ টিকট বিক্ৰী আৰু অন্যান্য লেনদেনৰ জৰিয়তে মুঠ ৩২ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ছবিখনৰ পৰা চৰকাৰে জিএছটিৰ অংশ হিচাপে লাভ কৰা ২ কোটি ৯০ লাখ টকা জুবিন গাৰ্গে গঠন কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
সেই অনুসৰি জানিব পৰা মতে, উক্ত ধনৰাশি আজি বা কাইলৈৰ ভিতৰত ফাউণ্ডেচনৰ ট্ৰাষ্ট একাউণ্টত জমা কৰা হ’ব। চৰকাৰৰ এই পদক্ষেপে জুবিন গাৰ্গৰ শিল্পীসত্তা আৰু সাংস্কৃতিক অৱদানৰ প্ৰতি এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে বিবেচিত হৈছে।
উল্লেখ্য যে আজি বৃহস্পতিবাৰে (১ জানুৱাৰী) গুৱাহাটীত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ পৰম্পৰাগত নৱবৰ্ষৰ সংবাদ মেল ‘নতুন দিনৰ আলাপ’ত জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে অসমৰ জনসাধাৰণক সম্বোধন কৰি বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী