নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৮৮ত ভাৰত-পাকিস্তানৰ স্বাক্ষৰিত চুক্তিৰ ফচল লাভ… জানক সবিশেষ

ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক কেন্দ্র সন্দর্ভত দুই দেশৰ তালিকা বিনিময় হয় বৃহস্পতিবাৰে৷ চুক্তি অনুযায়ী প্রতি বছৰৰ পহিলা জানুৱাৰীত দুয়োখন প্রতিবেশী দেশে নিজৰ নিজৰ পাৰমাণৱিক কেন্দ্র আৰু পাৰমাণৱিক সুযোগ–সুবিধাৰ হিচাপ পৰস্পৰৰ সৈতে ভাগ–বাটোৱাৰা কৰাৰ নিয়ম৷ এই বছৰ নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত দ্বিপাক্ষিক সম্পর্ক কিছু তিতা–কেঁহা হৈ পৰা সত্ত্বেও এই নিয়মত ব্যতিক্রম হোৱা নাই৷

উল্লেখ্য যে ১৯৮৮ চনত ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক কেন্দ্র সন্দর্ভত চুক্তি স্বাক্ষৰ হৈছিল৷ তাত কোৱা হৈছিল যে যিধৰণৰ পৰিস্থিতিয়েই সৃষ্টি নহওক কিয়, দুয়োখন দেশৰ কোনোৱেই পৰস্পৰৰ পাৰমাণৱিক কেন্দ্রত আক্রমণ নকৰিব৷ চুক্তি স্বাক্ষৰকাৰী কোনো দেশৰ দ্বাৰা আনখন দেশৰ পাৰমাণৱিক কেন্দ্র যাতে কোনো ক্ষতি নহয় তাক নিশ্চিত কৰা হ’ব৷

ভাৰতৰ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে এক বিবৃতি জাৰি কৰি এই তালিকা বিনিময়ৰ কথা জনোৱা হৈছে৷ বিবৃতিটোত কোৱা হৈছে ‘নতুন দিল্লী আৰু ইছলামাবাদত অৱস্থিত কূটনৈতিক চেনেলৰ মাধ্যমেৰে ভাৰত আৰু পাকিস্তানে পৰস্পৰৰ সৈতে পাৰমাণৱিক কেন্দ্রৰ তালিকা বিনিময় কৰিছে৷

পাৰমাণৱিক কেন্দ্রত আক্রমণ নিষিদ্ধকৰণৰ চুক্তি অনুযায়ী এই তালিকা বিনিময় কৰা হৈছে৷’ স্মর্তব্য যে ভাৰত আৰু পাকিস্তানৰ প্রতিনিধিৰ মাজত পৰমাণু কেন্দ্রৰ এই চুক্তি ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত স্বাক্ষৰ হৈছিল৷ তাক কার্যকৰী কৰা হয় ১৯৯১ চনৰ ২৭ জানুৱাৰীত৷ চুক্তিৰ চর্ত অনুযায়ী দুয়োখন প্রতিবেশী ৰাষ্ট্রই প্রথমবাৰ নিজৰ মাজত পৰমাণু কেন্দ্রৰ তালিকা বিনিময় কৰে ১৯৯২ চনৰ ১ জানুৱাৰীত৷ তেতিয়াৰে পৰাই একেৰাহে ৩৪ বছৰ ধৰি এই নিয়মটি মানি চলা হৈছিল৷

কেতিয়াও কোনো পৰিস্থিতিতে ইয়াৰ যতি পৰা নাই৷ পাৰমাণৱিক বিদ্যুৎ উৎপাদন কেন্দ্র, গৱেষণা কেন্দ্র, ইন্ধন উৎপাদনৰ গোট, ইউৰেনিয়াম সমৃদ্ধকৰণ ক্ষেত্র, আইচোতত পৃথকীকৰণ কেন্দ্রৰ উপৰি যিবোৰ কেন্দ্রত তেজষ্ক্রিয় পদার্থ সংৰক্ষণ কৰা থাকে সেইবোৰো এই চুক্তিৰ আওতাত পৰে৷ কোন ঠাইত এই ধৰণৰ কেন্দ্র আছে তাৰ তালিকা উভয়ে বিনিময় কৰে৷

ডিজিটেল ডেস্ক, ২ জানুৱাৰী

You might also like