নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ কে ইউনিভাৰ্ছৰ উদ্যোগত নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা ঘোষণা

🔴অতনু ভূঞা, ৰিয়ান পৰাগলৈও নিপন গোস্বামী বঁটা

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ অসমীয়া ছবিত প্ৰতিটো চৰিত্ৰতে নিপুণ আৰু নিভাঁজ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা কীৰ্তি যাৰ আভূষণ, একান্ত সাধনা, নিষ্ঠা, সততা যাৰ ব্যক্তিত্ব, সেইগৰাকী বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰ সজীৱ কৰি ৰখাৰ মানসেৰে বিভিন্ন সমাজসেৱা মূলক কৰ্ম সম্পাদন কৰি অহাৰ লগতে বৰ্তমান ফেছন, চলচ্চিত্ৰ, সংগীতৰ এলবাম, চুটি ছবি আদি নিৰ্মাণৰ কৰি থকা আৰ কে ইউনিভাৰ্ছ নামৰ সংস্থাটোৱে ২০২৩ বৰ্ষৰ বাবে মুখ্যতঃ চলচ্চিত্ৰ আৰু সংগীত,নাটকৰ লগতে ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি মানৱ কল্যাণমূলক সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা, নিপন গোস্বামী বঁটা আৰু নিপন গোস্বামী স্বীকৃতি বঁটা ৰূপে এলানি বঁটা আগবঢ়াব বুলি এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে। দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাসমূহ নিৰ্বাচন কৰিবলৈ এইবাৰো এক বিশেষ নিৰ্বাচনী কমিটী গঠন কৰা হৈছিল। কমিটীৰ সিদ্ধান্ত অনুসৰি আজি চাৰিটা বঁটা ঘোষণা কৰা হৈছে। সেই অনুসৰি অভিনয়ৰ বাবে জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা মৃদুলা বৰুৱালৈ, সংগীতৰ বাবে জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা জে পি দাসলৈ, সংবাদ সেৱালৈ বিশেষ অৱদানৰ বাবে নিপন গোস্বামী বঁটা অতনু ভূঞালৈ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশে, অৱদানৰ বাবে নিপন গোস্বামী বঁটা ৰিয়ান পৰাগলৈ আগবঢ়োৱা হৈছে। বিশেষ বাছনি কমিটীখনত আছিল জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত পৰিচালক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱত প্ৰীতম দত্ত, অভিনেতা পৰিচালক দীপক ৰয় আৰু অভিনেতা মিণ্টু বৰুৱা। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত নিপন গোস্বামীৰ পুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী, শিৱাণু বৰা, ভগৱত প্ৰীতম দত্ত, দীপক কুমাৰ ৰয়, অভিনেত্ৰী প্ৰাচী কুনাল কৌশিক, আৰ কে ইউনিভাৰ্ছৰ সত্বাধিকাৰ ৰুণামণি কৌশিক আৰু কুন্তল কুমাৰ কৌশিক, প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱাৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকলৰ উপস্থিতিত সংস্থাটিয়ে বঁটাসমূহ ঘোষণা কৰে। উল্লেখ্য যে চলচ্চিত্ৰ আৰু অনান্য দিশৰ আন বঁটাসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব আৰু অহা মাৰ্চ মাহত গুৱাহাটীৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত সকলো বঁটা প্ৰদান কৰা হব । আৰ কে ইউনিভাৰ্ছৰ স্বত্বাধিকাৰ সমাজসেৱিকা ৰুণামণি কৌশিক আৰু কুন্তল কুমাৰ কৌশিকে ঘোষণা কৰে যে তেওঁলোকৰ এই প্ৰচেষ্টা আগলৈও অব্যাহত থাকিব আৰু এই প্ৰচেষ্টাত নতুনকৈ কিছু শিতানো পিছলৈ সংযোগ কৰা হ’ব।

#বাৰ্তা ডেস্ক

You might also like