নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ মিত্রতাই সৃষ্টি কৰিব কলিযুগৰ

বিশ্বনাথত ২০ কিলোমিটাৰজোৰা বিশাল বাইক ৰেলী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাই দ্বিতীয় কলিযুগৰ সৃষ্টি কৰিব৷ –এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্রী অতুল বৰাৰ৷ মঙলবাৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক বিশাল ‘জাতীয় ঐক্য সন্মিলন’ত উপস্থিত থাকি অগপৰ সভাপতিগৰাকীয়ে কয়, ‘অসমত নতুন দল গঠন কৰাৰ বাবে ভিতৰি চেষ্টা চলাইছে কংগ্রেছ আৰু এ আই ইউ ডি এফে৷ এ আই ইউ ডি এফ সাম্প্রদায়িক দল আৰু এই দুয়োটা দলে যদি দিছপুৰত বাস কৰিবলৈ লয় তেন্তে অসমীয়া মানুহ নাথাকিব, অসমীয়া জাতি নাথাকিব৷ সেয়েহে অসমবাসীয়ে এই দুয়োটা দলৰ পৰা সাৱধানতা অৱলম্বন কৰক৷ নহ’লে এই দুয়োটা দল লগ লাগিলে দ্বিতীয় কলিযুগৰ সৃষ্টি কৰিব৷’ অগপৰ সভাপতিগৰাকীয়ে পুনৰ মন্তব্য কৰে– ‘কিছু অপশক্তিয়ে আমাৰ দলৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱাত জনসাধাৰণৰ মাজত দলৰ ভাবমূর্তি বিনষ্ট হৈছিল৷ সেই কথা আমি স্বীকাৰ কৰিছোঁ৷ ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছোঁ৷ যোৱা সময়ত আমি আত্মবিশ্লেষণ কৰিছোঁ, আত্মশুদ্ধি কৰিছোঁ৷ এতিয়া দললৈ নতুন তেজৰ আগমন হৈছে৷ নতুন উদ্যমেৰে পুনৰ ৰাইজৰ মাজলৈ আহিছেছা৷ আমি সাম্প্রদায়িক নহয়৷ অগপৰ চৰিত্রই হৈছে ধর্মনিৰপেক্ষ চৰিত্র৷ অসমত বিভিন্ন ধর্মাৱলম্বী লোক তথা ভাষা–ভাষীৰ লোকে বাস কৰে৷ আমাৰ সমন্বয়ৰ এনাজৰী মজবুত কৰি নাৰাখিলে আমি আগবাঢ়িব নোৱাৰিম৷ সেয়েহে সকলো অগপৰ পতাকাৰ তললৈ আহক, সংঘবদ্ধ হওক৷’

ইফালে, অগপৰ সভাপতিগৰাকীয়ে বিজেপিৰে মিত্রতা সন্দর্ভত কয় যে আমি অকলে যুঁজ কৰি কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰোঁ৷ এই কথা স্বীকাৰ কৰোঁ৷ আমি আগতেও চিপিআইএম, চিপিআইএমএলৰ লগত মিত্রতা কৰিছোঁ৷ মিত্রতা আমাৰ দলৰ বাবে নতুন কথা নহয়৷ বিজেপিৰ লগত আমাৰ মিত্রতা কৰাটো কোনো অপৰাধ নহয়৷ সিদ্ধেশ্বৰ শর্মাই আঁত ধৰা সভাখনত উপস্থিত থকা অগপৰ কার্যকৰী সভাপতি তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তই ভাষণত কয় যে অসমৰ থলুৱা লোকৰ স্বার্থত জন্ম হৈছে অগপৰ৷ যিখন বৃহৎ অসমীয়া সমাজ গঢ়িছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে, সেইখন বৃহৎ অসমীয়া সমাজক লৈ অগপ দল আগুৱাই যাব বিচাৰিছে৷ অসমত বহু আঞ্চলিক দল গঠন হৈছে৷ কিন্তু অগপইহে অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই থাকিব পাৰিব৷ ৩৫ বছৰ ধৰি এই দলে আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই আছে৷ অগপই কেতিয়াও কাৰো লগত আপোচ কৰা নাই৷ বিশ্বনাথ বিধান পৰিষদৰ উদ্যোগত বিশ্বনাথ জিলা অগপ কার্যালয় প্রাংগণত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য, সাধাৰণ সম্পাদক পোনাকণ বৰুৱা, জনপ্রিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীকে ধৰি বহুকেইজন অগপ নেতা উপস্থিত থাকে৷ অগপৰ সভাপতি অতুল বৰাকে ধৰি এই নেতাসকলক প্রবীণ হাজৰিকাৰ নেতৃত্বত শতাধিক বাইকেৰে ২০ কিলোমিটাৰ ৰেলী কৰি আদৰি আনে বিশ্বনাথলৈ৷

You might also like