নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰত জিএছটি সংগ্রহ লক্ষাধিক কোটি

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ নৱেম্বৰ মাহত জিএছটি সংগ্রহ লক্ষাধিক কোটি টকা হৈছে৷ যোৱা এপ্রিলৰ পিছত প্রথমবাৰৰ বাবে অক্টোবৰ মাহত জিএছটি লক্ষাধিক কোটি টকা সংগ্রহ হোৱাৰ ধাৰা অব্যাহত থাকি নৱেম্বৰতো জিএছটি লক্ষাধিক কোটি টকা সংগ্রহ হৈছে৷

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, ক্রমাগত দ্বিতীয়বাৰৰ বাবে নৱেম্বৰত লক্ষাধিক কোটি টকা জিএছটি সংগ্রহ হৈছে৷ ২০১৯ বর্ষৰ নৱেম্বৰৰ তুলনাত ১.৪ শতাংশ বৃদ্ধি হৈ চলিত বর্ষৰ নৱেম্বৰত জিএছটি সংগ্রহ হৈছে ১.০৪ লাখ কোটি টকা৷

লগতে পঢ়কঃ বাগৰিও নপৰে বগৰাবও নোৱাৰি, ৭টা হাতী বিফল হোৱা এটা ৰহস্য়জনক শিল…

বিবৃতিত প্রকাশ কৰা মতে ঘৰুৱা লেনদেনৰ তুলনাত আমদানিকৃত সামগ্রীত নৱেম্বৰ মাহত ৰাজহ বৃদ্ধি পাইছে৷ আমদানিকৃত সামগ্রী ৪.৯ শতাংশ ৰাজহ সংগ্রহ বৃদ্ধি পাইছে৷ আনপিনে ঘৰুৱা লেনদেনত ০.৫ শতাংশ ৰাজহ বৃদ্ধি হৈছে৷ জিএছটি ১,০৪,৯৬৩ কোটি টকাৰ ভিতৰত চিজিএছটি ১৯,১৮৯ কোটি, এছজিএছটি ২৫,৫৪০ কোটি টকা, আইজিএছটি ৫১,৯৯২ কোটি টকা (ইয়াত আমদানিকৃত সামগ্রীৰ ৰাজহ অন্তর্ভুক্ত), কৰ ৮,২৪২ কোটি টকা সংগ্রহ হৈছে৷

You might also like