নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নহ’ল জনজাতিকৰণ, নিদিলে ২৫ লাখক চাকৰি, অসম চুক্তি নস্যাৎ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ জাতি–মাটি–ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা ৰাজ্যৰ বিজেপি চৰকাৰখনে যোৱা ৫টা বছৰত জনসাধাৰণক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰাত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছে৷ যোৱা ৫টা বছৰত চৰকাৰখনে জনসাধাৰণক কৰা প্রতাৰণা, প্রৱঞ্চনাৰ দলিল হিচাপে অসম প্রদেশ কংগ্রেছ কমিটীয়ে প্রকাশ কৰি উলিয়াইছে এখন পুস্তিকা৷ ‘বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ’ শীর্ষক পুস্তিকাখন দেওবাৰে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে উন্মোচন কৰে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে৷ ৩৭ পৃষ্ঠাৰ পুস্তিকাখনত কংগ্রেছে বিজেপিৰ বিৰুদ্ধে ৮৪টাকৈ মহা অভিযোগ উত্থাপন কৰিছে৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা সেই মহা অভিযোগসমূহৰ ভিতৰত কেইটামান উল্লেখনীয় অভিযোগ হৈছে – ‘কা’ প্রৱর্তনেৰে জাতি–মাটি–ভেটি, ভাষা–সংস্কৃতি, অস্তিত্ব ধ্বংস, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রতি চূড়ান্ত ভেঙুচালি, ২৫ লাখ নিবনুৱাক চাকৰি দিয়াৰ নামতো চূড়ান্ত আভুৱা, নিযুক্তিৰ নামত ব্যাপক কেলেংকাৰি, নতুন বিদ্যুৎ আইনেৰে শক্তি খণ্ডৰ ব্যক্তিগতকৰণৰ ব্যৱস্থা, তৈলক্ষেত্রকে ধৰি অসমৰ সম্পদ পানীৰ দৰত বিক্রী, ৰাজকোষৰ ধনেৰে বিজেপি আৰু আৰ এছ এছৰ সংগঠন বৃদ্ধিৰ পন্থা, জনতাক কেঁকোৰা চেপা দি কর্প’ৰেটক লাখ লাখ কোটি টকাৰ ঋণ ৰেহাই, পৰিৱেশ আৰু প্রকৃতি ধ্বংস, ৰাজহুৱা উদ্যোগ বিক্রী কৰাৰ ষড়যন্ত্র, ছিণ্ডিকেটৰাজ, ক’ৰোনা নিয়ন্ত্রণত চূড়ান্ত ব্যর্থতা, মহামাৰীক লৈও ৰাজনীতি, কৃষি আৰু কৃষকক চূড়ান্তভাৱে উপেক্ষা, কৃষকৰ উপার্জন হ্রাস, জলসিঞ্চনত ব্যর্থতা, খাদ্য সংসাধন, উদ্যোগৰ বিকাশৰ ভুৱা প্রতিশ্রুতি, জৈৱিক কৃষিকার্য বিকশিত কৰাৰ মিথ্যা আশ্বাস, শস্য বীমা আঁচনি ৰূপায়ণত ব্যর্থতা, কৃষক ঋণ প্রদান দ্রুতগতিত হ্রাস, প্রতিটো উন্নয়ন খণ্ডত ধান কিনাৰ মিছা প্রতিশ্রুতি, আঞ্চলিক ভাষাত কৃষি চেনেল আৰম্ভ কৰাৰ নামত প্রতাৰণা, গ্রাম্য এলেকাত দৰিদ্রতা নির্মূল কৰাত অৱহেলা, ভূমি অধিগ্রহণ আইন সংশোধনৰ নামত প্রৱঞ্চনা, মূল্যবৃদ্ধি ৰোধত ব্যর্থতা, কৃষকৰ পৰা শস্য ক্রয় আৰু খাদ্য বিতৰণ কৰা ব্যৱস্থাৰ সংশোধনীৰ নামত আভুৱা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক নিষ্ক্রিয়কৰণ, ফচলৰ ন্যায্য দামৰ পৰা কৃষকক বঞ্চনা, অর্থনৈতিক অপৰাধৰ গোচৰত দেশৰ ভিতৰত পঞ্চম স্থানত অসম, নাগৰিকক হিতাধিকাৰী সজাই ভোট নিজৰ পক্ষলৈ নিয়াৰ নতুন ষড়যন্ত্র, নগাঁও–কাছাৰ কাগজ কল বিক্রী, আৱাস দিয়াৰ মিছা প্রতিশ্রুতি, মানৱ উন্নয়ন সূচাংকত দ্রুত অৱনমন, জনমূৰি আয় হ্রাস, ক্ষুদ্র ঋণত বিপর্যস্ত জনতা, অসম–বাংলাদেশ সীমান্ত উন্মুক্ত, বিদেশী বিতাড়নত অক্ষমণীয় ব্যর্থতা, বিটিচি গঠনত জনপ্রতিনিধি কিনা–বেচাৰ নিকৃষ্ট ষড়যন্ত্র, গুৱাহাটীক স্মার্ট চিটী কৰাত ব্যর্থতা, ঋণ লৈ ধৰুৱা কৰিলে ৰাজ্য, ব্রহ্মপুত্রৰ ওপৰত নতুনকৈ ৫খন দলং নির্মাণৰ নামত ব্রহ্মটুপী, ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ ব্রহ্মফাঁকি, মাজুলীৰ খহনীয়া ৰোধৰ ভুৱা আশ্বাস, খিলঞ্জীয়া জনজাতীয় লোকক ভূমি স্বত্ব দিয়াৰ সলনি উচ্ছেদ, চাহ শ্রমিকক যথাযথ মজুৰি দিয়াৰ নামত প্রতাৰণা, ছয় জনগোষ্ঠী জনজাতিকৰণৰ নামত প্রৱঞ্চনা, ভূটানত নদীবান্ধ নির্মাণ কৰি নামনি অসম তচনচ কৰাৰ পৰিকল্পনা, ‘কা’ প্রৱর্তনেৰে অসম চুক্তিক চূড়ান্ত অৱমাননা, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ নামত প্রহসন, বাংলাদেশক ভূমি প্রদান কৰি ভণ্ডামিৰ পৰিচয়, ব্রহ্মপুত্র খনন আৰু ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ৰ নামত চূড়ান্ত বহুৱালি, সত্রৰ বেদখলী মাটি উদ্ধাৰত ব্যর্থতা, অসম আৰু অসমৰ মানুহৰ আত্মাৰ সৈতে জড়িত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগতকৰণ, পূর্বোত্তৰৰ বাবে থকা বিশেষ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ বিলোপ সাধনেৰে অসমৰ প্রতি চৰম অনিহা প্রদর্শন, ভুৱা খেতিয়কক ৪১.৩৪ কোটি টকাৰ সাহায্য বিতৰণ কৰি দেশৰ ভিতৰতে কুখ্যাতি অর্জন, প্রতিগৰাকী লোকৰ বেংক একাউণ্টত ১৫ লাখ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে দিলে ৩৩ পইচাকৈ, পানীৰ দৰত ৰাজহুৱা সম্পত্তিৰ নিলাম, মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যর্থতা, সাম্প্রদায়িক বিভাজনৰ বিষবাষ্প বিয়পোৱাৰ ষড়যন্ত্র আদি৷

পুস্তিকাখন উন্মোচন কৰি সিঙে কয় যে কংগ্রেছে এই অভিযোগসমূহ ৰাইজৰ মাজলৈ লৈ যাব৷ ইপিনে কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’লে কোন মুখ্যমন্ত্রী হ’ব, সেই সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সিঙে কয় যে অসমৰ মাটি–পানীৰ সৈতে সম্পর্ক থকা কংগ্রেছৰ কার্যকর্তাই মুখ্যমন্ত্রী হ’ব৷ আজিৰ এই অনুষ্ঠানত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু পঞ্জাবৰ সাংসদ জজবীৰ সিঙেও বিজেপিৰ ৫ বছৰীয়া প্রতাৰণাৰ খতিয়ান দাঙি ধৰে৷
কংগ্রেছৰ ৫ গেৰাণ্টী এক ৰাজনৈতিক কৌতুক বিজেপি
কংগ্রেছৰ ৫ গেৰাণ্টীক এক ৰাজনৈতিক কৌতুক আখ্যা দিছে ৰাজ্যিক বিজেপিৰ মুখপাত্র তথা নির্বাচনী প্রবন্ধন সমিতিৰ সহঃ আহ্বায়ক পৱিত্র মার্ঘেৰিটাই৷ আজি এক বিবৃতিত মার্ঘেৰিটাই কয় যে যোৱা ৬টা দশকজুৰি ৰাজ্যৰ দুর্নীতি, সংঘর্ষ আৰু শোষণৰ পোহাৰ মেলা কংগ্রেছ দলে আনক সমালোচনা কৰাটো অত্যন্ত হাস্যকৰ৷ সৌ সিদিনা ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলৰ প্রাক্মুহূর্তত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সতীর্থ গৌৰৱ গগৈ আৰু দুর্গা দাস বড়োক কোৱা ‘পলিটিক্স ইজ পলিটিক্স, এতিয়া যি মন যায় কৈ দিয়া, পাছত যি হয় দেখা যাব’ ভাষ্য অসমৰ জনতাৰ মনত আছে৷ তেতিয়াই অসমৰ গাঁৱে–ভূঞে থকা প্রতিগৰাকী জনতাই তেওঁলোকৰ প্রকৃত পৰিচয় জানিব পাৰিছে৷ দশক দশকজুৰি কংগ্রেছ দলে শোষণ কৰি অহা চাহ জনগোষ্ঠীৰ বিষয়ে মাত মতাৰ নৈতিক অধিকাৰ নাই৷ ইতিহাস সাক্ষী আছে, কংগ্রেছ দলে চাহ শ্রমিকৰ মজুৰি পইচা হিচাপতহে বঢ়াইছিল, টকাৰ হিচাপত নহয়৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে মজুৰিৰ পৰিমাণ প্রায় দুগুণ বৃদ্ধি কৰাৰ লগতে সামাজিক–সাংস্কৃতিক– আৰু আর্থিক উন্নয়নৰ বাবে কিদৰে সেৱা আগবঢ়াই আহিছে, সেয়া অসমবাসীয়ে দেখিছে৷ কংগ্রেছৰ চাকৰি গেৰাণ্টী সন্দর্ভত তেওঁ কয় যে এয়া হ’ল এজাক ৰাকেশ পালৰ জন্ম দিয়া এক গেৰাণ্টী৷ তেওঁ আৰু কয় যে বর্তমান চলি থকা অৰুণোদয় আঁচনিৰ জৰিয়তে প্রদান কৰি অহা আর্থিক সকাহ তিনি হাজাৰ টকালৈ বৃদ্ধিৰ প্রক্রিয়া বিজেপি চৰকাৰে আৰম্ভ কৰাৰ পাছত কংগ্রেছে গৃহিণীলৈ দুহাজাৰ টকা অনুদান দিব বুলি কৈছে৷ কংগ্রেছে জনা উচিত, দুহাজাৰ টকাতকৈ তিনি হাজাৰ টকা অধিক৷ ‘কা’ৰ ক্ষেত্রতো কংগ্রেছৰ স্থিতি ব্রহ্মপুত্র উপত্যকাত সুকীয়া, বৰাকত সুকীয়া, পশ্চিমবংগতো সুকীয়া৷ সেয়ে কংগ্রেছে ‘কা’ আইন বাতিল কৰিব বুলি দিয়া প্রতিশ্রুতি মিছা প্রচাৰ৷ সেইদৰে ২০০ ইউনিটলৈকে বিদ্যুৎ ৰেহাই দিয়া গেৰাণ্টীৰ প্রসংগত তেওঁ কয় যে স্বাধীনতাৰ ৬০ বছৰৰ পাছতো বিদ্যুৎ পৰিবাহী খুঁটা পকী অথবা ধাতুৰ পৰিৱর্তে বাঁহৰ খুঁটা ব্যৱহাৰ কৰা কংগ্রেছৰ গেৰাণ্টী এক ৰাজনৈতিক কৌতুক আৰু জনগণক কৰা তাচ্ছিল্যৰ বাদে আন একো নহয়৷

You might also like