নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু বজাৰক লৈ ৰূপহীহাটত কংগ্ৰেছ-বিজেপি ফৈদৰ কাজিয়া

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ৰূপহীহাটৰ কাঠপাৰা সপ্তাহিক বজাৰত আজি পুৱাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বজাৰ কমিটিৰ বিজেপি আৰু কংগ্ৰছ এই দুই ফৈদৰ মাজত কাজিয়াৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়ৰ খেল পথাৰত গৰু বজাৰ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় খেলপথাৰত গাড়ী মটৰ চাইকেল আদি ৰখাৰ বাবে ক্ষুব্ধ হৈ পৰিছে সচেতন মহল। বজাৰ কমিটিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ আৰু বিদ্যালয় কতৃপক্ষই। বজাৰৰ নিজা মাটি থকাৰ পিছতো অবৈধভাবে বিদ্যালয়ৰ খেলপথাৰৰ মাটিত গৰু বজাৰ চলোৱাৰ অভিযোগ বজাৰ কমিটিৰ বিৰুদ্ধে।কাঠপাৰা পঞ্চায়ৰ সভাপতি মাইনুল হক চৌধুৰী আৰু বজাৰ কমিটিৰ ধন ভৰালী বদৰুল হকৰ বিৰুদ্ধে বলপূৰ্বকভাৱে বিদ্যালয়ৰ খেলপথাৰৰ মাটিত বজাৰ বহুৱাৰ অভিযোগ উত্থাপিত হৈছে। কিছুদিন পূৰ্বে কলিয়াবৰ মহকুমাধিপতি আৰু চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক ৰাইজে লিখিত অভিযোগ দিয়াৰ পাছতো গা লৰা নাই বজাৰ পৰিচালনা কমিটীৰ। অৱশেষত ঘটনা স্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক জহিৰুল ইছলাম

You might also like